Sunday, April 20, 2025
spot_img
Homeজীৱনশৈলী২মাৰ্চত বিস্তৃত কাৰ্যসূচীৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনঃ অংশ...

২মাৰ্চত বিস্তৃত কাৰ্যসূচীৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনঃ অংশ ল’ব নৱ-নিৰ্বাচিত সভাপতি,প্ৰধান সম্পাদকে

ডিজিটেল সংবাদ:গোলাঘাট,১৬ ফেব্ৰুৱাৰীঃ ৰাজ্যখনৰ ভিতৰতে এক অগ্ৰণী শাখা সাহিত্য সভা , অসম সাহিত্য সভাৰ বিশেষ বঁটা প্ৰাপ্ত পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখনি অহা ২ মাৰ্চত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব । এই উপলক্ষে প্ৰস্তুতি পূৰ্ণ গতিত অব্যাহত আছে। গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অধিৱেশনৰ পুৱা পতাকা উত্তোলন কৰিব পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি ভোগেশ্বৰী চাংমায়ে। স্মৃতি তৰ্পণ কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন কৰিব শাখাৰ সহকাৰী সম্পাদক, আধ্যাত্মিক পণ্ডিত তনুজ কুমাৰ মহন্তই। স্মৃতি তৰ্পণ কৰিব জ্যেষ্ঠ বিষয়ববীয়া প্ৰতিমা বৰচেতীয়া,কুমকুম চাংমাই, দীপা বৰা আৰু মন্দিৰা শইকীয়াই। প্ৰতিনিধি সভা উদ্বোধন কৰিব গোলাঘাট জিলা সাহিত্য সভাৰ উপ-সভাপতি মুহিৰাম লইঙে। দিনৰ প্ৰায় ১-৩০ বজাত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি, বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ,ভাষাবিদ ড° বসন্ত কুমাৰ গোস্বামী উপস্থিত থাকিব। বিশেষ সন্মানীয় অতিথি

হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰা। মুকলি সভা শুভ উদ্বোধন কৰিব নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক, বিশিষ্ট লেখক,কবি ড° কাজল শইকীয়াই। আদৰণী ভাষণ প্ৰদান কৰিব পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক, জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞাই। সভাত বিশিষ্ট অতিথি হিচাপে ক্ৰমে নিৱন্ধকাৰ ডাঃ অজিত বৰুৱা ,শিক্ষাবিদ,বোলছবি পৰিচালক দীনেশ গগৈ, পৌৰপতি দুলুমণি বৰবৰা,গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° পুতুল চন্দ্ৰ শইকীয়া, গোলাঘাট হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° বিপুল চন্দ্ৰ ভূঞা, অধ্যাপক দেৱজিৎ ফুকন, গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি বন্তি বৰা,জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৱিত্ৰ বৰবৰা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি অভিৱৰ্তন গোস্বামী,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ-সভাপতি জিতুল ৰাজখোৱা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, উপ-পৌৰপতি সীমান্ত বৰা, গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক দুলাল চন্দ্ৰ দাস, আটছা, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ বৰাইক,সদৌ অসম চুতীয়া জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মহেন বৰা,সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক কৃষ্ণ বৰুৱা, গোলাঘাট প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ দাস,সদৌ অসম নেপালী সাহিত্য সভাৰ সাধাৰণ সম্পাদক তিলক শৰ্মা, সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি দীপাংকৰ দাস, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি ৰূপম গগৈ আদি উপস্থিত থাকিব। গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈ,সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰা, গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ডালিমী বৰা শইকীয়া, গোলাঘাট জিলা মহিলা সমিতিৰ সভানেত্ৰী জুৰি দাস ৰাজখোৱা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গোলাঘাট জিলা সমিতিৰ সভাপতি বাবুল দত্ত, সাধাৰণ সম্পাদক বিদ্যুৎ বৰা, টি,এম,পি,কেৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ভূপেন টাইড, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সভাপতি বিপুল বৰা,সাধাৰণ সম্পাদক ৰাজীৱ লস্কৰ, জাতীয় সংগ্ৰামী সেনা,অসমৰ কেন্দ্ৰীয় সম্পাদক মানৱ গগৈ,বীৰ লাচিত সেনা, অসমৰ গোলাঘাট জিলাৰ সাধাৰণ সম্পাদক অভিলাষ বৰা,সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিপন গগৈ, আমছু, খিলঞ্জীয়া,অসমৰ কেন্দ্ৰীয় সভাপতি ইছাদ হুছেইন, সমাজকৰ্মী ৰাজীৱ শইকীয়া, অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ইমটিয়াজ হুছেইন , গোলাঘাট জিলা কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি সঞ্জীৱ শইকীয়া আদিক আমন্ত্ৰণ জনোৱা হৈছে।‌ অধিৱেশনৰ দিনজৰা কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ অৰ্থে ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগিতা পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগতা বৰাই এক প্ৰেছ বিবৃতিযোগে আন্তৰিকতাৰে কামনা কৰিছে।‌

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments