অৰুনাচললৈ ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত মৰঙিৰ দুটা পৰিয়াল। কণমানিসহ ৬জন লোক পতিত দুৰ্ঘটনাত। দুৰ্ঘটনাত পতিত এজন লোকৰ মৃতদেহ উদ্ধাৰ। আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ এগৰাকী মহিলা, এটি কণমানি। বৰ্তমানেও উদ্ধাৰ হোৱা নাই ৩জন। এখন স্ক’ৰপিঅ বাহনত গৈছিল লোককেইজন. অৰুণাচলৰ মায়দিয়ালৈ গৈছিল ফুৰিবলৈ। উভতনি পথত মায়দিয়া-ৰয়িঙৰ মাজত এই দুৰ্ঘটনা। মৃত লোকজন চালক অজয় ছেত্ৰী ওৰফে মনোজ ছেত্ৰী। উদ্ধাৰ হোৱা মহিলাগৰাকীৰ নাম হৰিমায়া ছেত্ৰী। উদ্ধাৰ হোৱা কণমানিৰ নাম ৰস্নী ছেত্ৰী। উদ্ধাৰ হোৱা নাই মিনা ছেত্ৰী, ৰঞ্জিত ছেত্ৰী আৰু সুৰজ ছেত্ৰী। বাহনখনৰ সৈতে ৫০০ ফুট দ’ খাৱৈত আবদ্ধ হৈ আছে লোককেইজন। আহতসকলক ততাতৈয়াকৈ ডিব্ৰুগড় চিকিৎসা লৈ প্ৰেৰণ। মৰঙি মৌজাৰ ঔগুৰি চাপৰিৰ পৰা অৰুণাচললৈ গৈছিল লোককেইজন।