: এই মাহৰে প্ৰথমাৰ্দ্ধত অয়ল সদৌ অসম জুনিয়ৰ ৰেংকিং টেনিছ প্ৰতিযোগিতাৰ অনুৰ্দ্ধ ১২ একক ছোৱালীৰ শাখাত চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰা কৃষ্টি হালৈয়ে মাহটোৰ দ্বিতীয়াৰ্দ্ধত আন এক খিতাপ লাভ কৰি গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে৷ উত্তৰ পূৱ টেনিছ ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটীত ১৯ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা সদৌ অসম জুনিয়ৰ ৰাজ্যিক ৰেংকিং টেনিছ প্ৰতিযোগিতাৰ ১২ বছৰ অনুৰ্দ্ধ ছোৱালীৰ শাখাত চূড়ান্ত বিজয়ী হৈ কৃষ্টিয়ে তেওঁ ক্ৰীড়া শৈলীৰ ধাৰাবাহিক উন্নত প্ৰদশৰ্নৰে প্ৰশিক্ষক আৰু ক্ৰীড়াপ্ৰেমী হৃদয় জয় কৰিবলৈ সক্ষম হয়৷ উল্লেখ কৰিব পাৰি যে নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মুখ্য প্ৰৱন্ধকৰ কন্যা ১১ বছৰীয়া কৃষ্টিয়ে এই মাহৰ আৰম্ভণিতে দুলীয়াজানত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ ১৪ বছৰ অনুৰ্দ্ধ ছোৱালীৰ একক শাখাতো অংশ লৈ ৰানাৰ্ছ আপ খিতাপ জয় কৰি সকলোকে আচৰিত কৰি তুলিছিল৷ কৃষ্টি হালৈৰ সাফল্যই বছৰৰ অন্তিম ক্ষণত আকৌ এবাৰ গোলাঘাটবাসীক গৌৰৱৰ মুহূৰ্ত উপহাৰ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰি মৰঙি প্ৰেছ ক্লাৱে অভিনন্দন জনাইছে৷