আধাৰসত্ৰত আধাৰসত্ৰবাসীৰ ৰাইজৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো পৰম্পৰাগত খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে । নৱ প্ৰজন্মৰ মাজত গাঁৱে-ভূঞে অনুষ্ঠিত খেলসমূহক জীয়াই ৰখাৰ প্ৰয়াসেৰে আয়োজন কৰা এই খেলসমূহৰ বাবে ৰাইজৰ মাজত ব্যপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে । কল-গছ বগোৱা , ৰচী টনা , টেকেলী ভঙা , সঙ্গীত চকী আদি প্ৰতিযোগিতাসমূহত বহু শিশু,চেমনীয়া, যুৱক-যুৱতীৰ পৰা জ্যেষ্ঠ পুৰুষ মহিলা সকলোৱে যোগদান কৰা পৰিলক্ষিত হয় । বহুকেইজন দাতাই এই খেলসমূহৰ পুৰষ্কাৰ আগবঢ়াইছে । তাৰ সমান্তৰালভাৱে এখন ভাগ্য পৰীক্ষা খেলো অনুষ্ঠিত হয় ।
এই খেসমূহক লৈ আধাৰসত্ৰত অঞ্চলত ব্যাপক উৎসাহ পৰিলক্ষিত হয় ।