খুমটাইৰ যোগীবাৰীত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন*

0
88

*বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত গণৰাজ্য দিৱসৰ ব্যতিক্ৰমী কাৰ্যসূচী*
ৰাজ্যৰ ভিতৰতে সৰ্ববৃহৎ ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শনআজি সমগ্ৰ দেশতে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হৈছে । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যখনৰ খুমটাই সমষ্টিতো বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত খুমটাই সমষ্টি ভিত্তিত গণৰাজ্য দিৱস উদযাপন কৰা হয় । বিধায়ক ‌গৰাকীয়ে সমষ্টিৰ ৰাইজৰ উপস্থিতিত যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে । এই গণৰাজ্য দিৱসত খুমটাইত ৰাজ্যৰ ভিতৰত সৰ্ববৃহত ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কৰা হ’ল । খুমটাইৰ যোগিবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত গণৰাজ্য দিৱস হিচাপে প্ৰদৰ্শিত দুখনকৈ বৃহৎ পতাকাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোকে । বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত ব্যতিক্রমীভাৱে আয়োজন হোৱা গণৰাজ্য দিৱসে আকৰ্ষিত কৰিছে সকলোকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here