সমাগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা । পৰীক্ষাৰ পূৰ্বে খুমটাইৰ বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী পৰাণ জ্যোতি শইকীয়াই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনৰ অতি গুৰুত্বপূৰ্ণ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পূৰ্বে তেওঁ খুমটাই সমষ্টিৰ বিভিন্ন প্ৰান্তত পৰীক্ষাৰ্থীসকলক উৎসাহিত কৰিবলৈ পৰীক্ষাৰ শুভেচ্ছা পত্ৰ প্ৰদান কৰাৰ লগতে শৈক্ষিক সামগ্ৰী সমৃদ্ধ একোটাকৈ উপহাৰৰ টোপোলা আগবঢ়াইছে । আজি পৰাণজ্যোতি শইকীয়াই খুমটাইৰ গৰঙা চাহ বাগিচাৰ নৰ্থ গৰঙা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ওলোৱা গৰঙা চাহ বাগিচাৰ প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীক একোখনকৈ শুভেচ্ছা পত্ৰ আৰু শৈক্ষিক সামগ্ৰী উপহাৰ হিচাপে আগবঢ়ায় । লগতে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰি বহুমূলীয়া বক্তব্য আগবঢ়াই । এই কাৰ্যসূচীত গৰঙা চাহ বাগিচাৰ জন কল্যাণ বিষয়া লীলাধৰ মৃদ্ধা , বিশিষ্ট সমাজকৰ্মী জীতেন কুৰ্মী , যুৱনেতা ৰূপান্তৰ তাঁতী , নৰ্থ গৰঙা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বিজু কমাৰকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । সমাজকৰ্মী পৰাণ জ্যোতি শইকীয়াই আগন্তুক দিনত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক, ক্ৰীড়া আদি বিভিন্ন দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি যাব বুলি জানিবলৈ দিয়ে ।