মৰঙি মৌজাৰ বগীজান থানাই আজি এক স্বচ্ছতা কাৰ্যসূচী গ্ৰহণ কৰে। বগীজান থানাৰ অন্তৰ্গত কেইখনমান গাঁওৰক্ষী বাহিনীৰ উদ্যোগত নৱপুৰ বালিজান গাঁওৰক্ষী বাহিনীৰ এলেকাৰ পোৰাজংঘল সাপ্তাহিক বজাৰত এই স্বচ্ছতা কাৰ্যসূচী ৰূপায়ন কৰা হয়। বগীজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল বৰুৱা, থানা সমিতিৰ সভাপতি সোমেশ্বৰ গগৈ, সম্পাদক ৰবীন হাজৰিকাকে ধৰি স্থানীয় চুবুৰীয়া কেইবাখনো গাঁওৰক্ষী বাহিনীৰ লগতে স্থানীয় ৰাইজে কাৰ্যসূচীটোত অংশগ্ৰহণ কৰে। সকলোৱে হাতে হাতে ঝাড়ু লৈ বজাৰৰ চৌহদৰ লগতে বাট পথ সমূহৰ জাবৰ জোথৰ গোটাই পেলনীয়া প্লাষ্টিক আদিবোৰ জ্বলাই ঠাইডোখৰ পৰিষ্কাৰ কৰাৰ লগতে কাষৰ ব্যৱসায়ী তথা দোকানীসকলক ঠাই ডোখৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনায়।