মৰঙিলৈ গৌৰৱ আনিলে বকিয়ালৰ শিক্ষক – ছাত্ৰই সৰ্ব ভাৰতীয় পৰ্যায়ত উজলিল বকিয়াল বিদ্যালয় হাইস্কুল

0
98

ডিজিটেল সংবাদ মৰঙি:

সৰ্ব ভাৰতীয় পৰ্যায়ত অনুষ্ঠিত উদ্যম মহোৎসৱত উজলি উঠিছে গোলাঘাট জিলাৰ মৰঙিৰ অতি ভিতৰুৱা বকিয়ালৰ এখন হাইস্কুল । ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়(MoE), ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ উদ্ভাৱন বিভাগ(MoE, innovation Cell), ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ বিদ্যালয় উদ্ভাৱন সমিতি(School Innovation Council) আৰু ভাৰত চৰকাৰৰ -অখিল ভাৰত কাৰিকৰি শিক্ষা সমিতি(AICTE)ৰ সহযোগত যোৱা ১৬ জানুৱাৰী , ন্যেশ্যনেল ষ্টাৰ্ট আপ দিৱস (National Startup Day )ত অনুস্থিত হৈছিল উদ্যম মহোৎসৱ ২০২৫। ভাৰতবৰ্ষৰ ১৪ টা স্থানত অনুষ্ঠিত হৈছিল এই মহোৎসৱ। একে সময়তে অসমৰ গুৱাহাটীত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। ইয়াত প্ৰতিনিধিত্ব কৰিছিল গোলাঘাট জিলাৰ একমাত্ৰ পি এম শ্ৰী বকিয়াল উচ্চ মাধ্যমিক বিদ্যালয় নামৰ চৰকাৰী বিদ্যালয় খনে। মহোৎসৱত বিভিন্ন শিক্ষা প্ৰতিষ্ঠান তথা উদ্যমী প্ৰতিষ্ঠানৰ পৰা বিভিন্ন ব্যৱসায়ীক সম্ভাৱনা থকা প্ৰকল্পৰ আৰ্হি বিচৰা হৈছিল। এই ১৪ টা স্থানলৈ সমগ্ৰ ভাৰত বৰ্ষৰ বিদ্যালয় সমূহৰ পৰা ৩৭ টা আইডিয়া নিৰ্বাচিত হৈছিল। তাৰে ভিতৰত পি এম শ্ৰী বকিয়াল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অটল টিংকাৰিং লেবৰটৰীৰ পৰা দুটাকৈ আইডিয়া বাচনি কৰা হৈছিল। সুবিধা পাইছিল মহোৎসৱত প্ৰদৰ্শিত কৰাৰ। প্ৰকল্প দুটা হ’ল দ্বিঅংগী শিক্ষণ শিকন যন্ত্ৰ ( বাইনেৰী টিচিং লাৰ্নিং ডিভাইচ) ।প্ৰকল্প কেইটা হ’ল- বাইনেৰী টিচিঙ লাৰ্নিং ডিভাইচ আৰু বহনক্ষম বন্তি (চাচটেইনেবল দিয়া — ইক’ ফ্ৰেইণ্ডলি ফেচটিভেল লাইটিং) । বাইনেৰী শিক্ষণ সজুঁলিৰ জৰিয়তে ৭ৰ পৰা ১৪ বছৰ বয়সৰ শিক্ষাৰ্থী সকলক সহজতে বাইনেৰী কডিং শিকাব পৰা হয় । শিক্ষাৰ্থী সকলক উদ্যমী হোৱাৰ বাবে আগ্ৰহী কৰি তোলাই এই প্ৰতিযোগিতাৰ অন্যতম লক্ষ্য। উল্লেখ্য যে বিদ্যালয়খনৰ পৰা স্থান লাভ কৰা দুয়োটা প্ৰকল্পত বিনিয়োগ কৰিবলৈ বিনিয়োগকাৰীয়ে প্ৰস্তাৱ আগবঢ়াইছে বুলিও জানিব পৰা গৈছে। প্ৰকল্প দুটাৰ ক্ষেত্ৰত শিক্ষাৰ্থী চাৰিজনৰ তত্বাৱধায়ক শিক্ষক সঞ্জীৱ গগৈ। শিক্ষাৰ্থী চাৰিজন হ’ল লুহিত গগৈ, মানৱ বৰা, মৃগাংক শইকীয়া আৰু পল্লৱ বৰা । বিদ্যালয় খনৰ প্ৰধান শিক্ষক যোগেন গগৈয়ে বিদ্যালয়খনৰ

কৃতিত্বৰ বাবে তত্বাৱধায়ক শিক্ষক তথা ছাত্ৰকেইজনলৈ শুভ কামনা জনোৱাৰ লগতে ভৱিষ্যতে এনে উদ্ভাৱনিমূলক কামত জৰিত হোৱাৰ বাবে সকলো সুবিধা দিয়া হ’ব বুলি প্ৰকাশ কৰে। বিদ্যালয় খনৰ কৃতিত্বক সচেতন মহলে অতি আন্তৰিকতাৰে আদৰণি জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here