মৰঙি ৰাজহ চক্ৰ বিষয়া ৰণণ্ময় ভৰদ্বাজৰ নেতৃত্বত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পোৰাবঙলাত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্চেদ অভিযান৷ আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ দল লগত লৈ সৰু – বৰ একাংশ ব্যবসায়িক প্ৰতিষ্ঠানত এস্কেভেটৰৰ হাতোৰা৷ ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষৰ অবৈধ বেদখলৰ বাবে যান যঁটৰ সমস্যাৰ সমান্তৰালভাৱে দৈনিক বৃদ্ধি পাইছিল পথ দুৰ্ঘটনা৷ যাৰ বাবে দুৰ্ঘটনা ৰোধ কৰাৰ লগতে যান যঁটৰ সমস্যা সমাধানৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ৰাজপত্ৰিত বিষয়াগৰাকীয়ে৷