ডিজিটেল সংবাদ মৰঙি:
ৰঙাজান শ্ৰদ্ধা ৰেষ্টোৰাৰ সভা গৃহত ভাৰতীয় চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ পূৰ্ণাংগ শাখা সমিতি গঠন কৰা হয়।
ভাৰতীয় চাহ মজদূৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মুকেশ জালে আঁত ধৰা এখন সভাত সভাপতিত্ব কৰে ভাৰতীয় চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মনোজ কৰ্মকাৰে।
গোলাঘাট জিলাৰ বিভিন্ন চাহ বাগিচাৰ ভালেকেইজন সচেতন ব্যক্তি উপস্থিত থকা সভাত বিচেম্বৰ ৰজকক ভাৰতীয় চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ সভাপতি আৰু মুকেশ জালক সম্পাদকৰ দায়িত্বভাৰ অৰ্পণ কৰি ২১ জনীয়া এখন শক্তিশালী ভাৰতীয় চাহ মজদুৰ সংঘৰ গোলাঘাট শাখা সমিতি গঠন কৰা হয়।
উক্ত সভাতেই ভাৰতীয় চাহ মজদুৰ সংঘৰ গোলাঘাট শাখা সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে মংলো ভূঞাক নিৰ্বাচিত কৰে।
নৱগঠিত শাখা সমিতিখনৰ সৱল নেতৃত্বত গোলাঘাট জিলাৰ বাগিচা অঞ্চলৰ জনসাধাৰণে বহু দিনৰ পৰা সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব বুলি নৱগঠিত শাখা সমিতি খনে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।







