মৰঙি মৌজাৰ ভিতৰতে বৰ্ষীয়ান ব্যক্তি সোন্তি গোহাঁইক বিশেষ সম্বৰ্ধনা

0
96

মৰঙি মৌজাৰ ভিতৰতে বৰ্ষীয়ান ব্যক্তি কেন্দুগুৰি গাঁৱৰ বাসিন্দা সোন্তি গোহাঁইক বিশেষ সম্বৰ্ধনা জনোৱা হয় । ১০৩ বছৰ বয়সতো সুস্থ হৈ থাকি নিজৰ দৈনন্দিন কাম কাজ কৰি থাকিব পাৰে । শ্রীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী নিষ্ঠাবান আৰু দায়িত্বশীল ব্যক্তি হিচাপে জীৱনৰ মূল্যবান সময়খিনি ৰাইজৰ তথা সমাজৰ সেৱাৰ কৰ্মত অতিবাহিত কৰি যিখিনি ত্যাগ আৰু মহানুভৱতাৰ পৰিচয় দিলে- সেই সকলোখিনি প্রতিগৰাকী সমাজ সচেতন ব্যক্তিৰ বাবে চিৰস্মৰণীয় হৈ জিলিকি থাকিব।
এগৰাকী জনপ্রিয় সহজ সৰল, সফল ব্যক্তি হিচাপে হাজাৰ হাজাৰ অনুৰাগী তথা শুভাকাংক্ষী ব্যক্তিৰ হৃদয় জিনিব পৰা মহান ব্যক্তিগৰাকীক আজি পোৰাজংঘলস্থিত জগন্নাথ প্ৰাথমিক শাখাৰ এটি সজাতি দল সোন্তি গোহাঁইৰ বাসগৃহত উপস্থিত হৈ বিশেষ সম্বৰ্ধনা জনায়।
এগৰাকী সংস্কৃতিৰ সাধক সোন্তি গোহাঁয়ে চৌবিশ বিধ বাদ্য বজাব জনাৰ ওপৰিও এগৰাকী সফল নামাচাৰ্য, সুনিপুন ৰান্ধনি, আদর্শবান কৃষক, সুদক্ষ বাঢ়ৈ বিভিন্ন ৰোগৰ বনৌষধি পৰামর্শদাতা আদি বহু মহান গুণৰ অধিকাৰী তেওঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here