স্বচ্ছতা মানৱ সমাজৰ এটা মৌলিক গুণ। স্বচ্ছতা আৰু ত্যাগ ধৰ্মৰ মুখ্য অংগ হিচাপে গণ্য কৰা হয়। সেয়েহে জনসাধাৰণৰ এই বিষয়ে শুদ্ধ জ্ঞান থকাটো আৱশ্যক।
বৰ্তমান সময়ত একাংশ মানুহৰ স্বচ্ছতা সৰ্মন্ধে নিজৰ দৃষ্টিভংগী সংকুচিত হ’বলৈ ধৰিছে। শৰীৰ , সাজপাৰ আৰু নিজে বাস কৰা কোঠা কেইটাৰ ভিতৰতে স্বচ্ছতাক সীমাবদ্ধতা কৰি ৰাখিছে।
আমি স্বচ্ছতাক আধ্যাত্মিক জীৱনৰ মুখ্য অংশ হিচাপে মানি লৈছোঁ। কিন্তু ইয়াক নিদিষ্ট পৰিসৰ মাজত সীমাবদ্ধ কৰি ৰখা উচিত নহয়। সমাজৰ সৰ্বাংগীন উন্নতিৰ কাৰণে স্বচ্ছতাৰ বুনিয়াদ হিচাপে জানিব লাগিব। আৰু তাক আন্তঃকৰনেৰে গ্ৰহণ কৰা চেষ্টা কৰিব লাগিব। স্বচ্ছ আৰু সভ্যতা দুয়োটা গুনেই মানৱ সমাজত পৰিলক্ষিত হ’ব লাগিব।
স্বচ্ছতা মানে পৰিষ্কাৰ পৰিচ্ছনতা। বিভিন্ন প্ৰকাৰৰ বেমাৰৰ পৰা ৰক্ষা পোৱাৰ সৰলতম আৰু মুখ্য উপাইটোয়েই হৈছে – স্বচ্ছতা।
স্বচ্ছতা হ’ল সুখী জীৱনৰ আধাৰশিলা স্বৰূপ । স্বচ্ছতা মানুহক সুস্থ শৰীৰ আৰু সুস্থ মন মগজুৰো অধিকাৰ কৰি তোলে। যাৰ বাবে মানব জাতিক সভ্যতাৰ জখলাত বগাবলৈ সক্ষম হয়। অপৰিষ্কাৰ অসুস্থ চিন্তা আদিয়ে কেতিয়াও একোটা উন্নত সভ্যতা গঢ় দিব নোৱাৰে। কোনো এক সভ্যতা এদিনতে গঢ়ি দিব নোৱাৰে। অতি নিম্ন অবস্থাৰ পৰা উন্নত অৱস্থালৈ ক্ৰমান্বয়ে পৰিবৰ্তন হোৱা প্ৰক্ৰিয়াটোকে সাধাৰণতে সভ্যতা বুলি ক’ব পাৰি।
গতিকে মানুহৰ চিন্তা, জ্ঞান, আদি ক্ৰমে হোৱা বিকাশৰ ফলতহে এটা সভ্যতা গঢ় লৈ উঠে। মানুহে প্ৰথমে নিজকে স্বচ্ছ কৰি ৰাখিবলৈ শিকিব লাগিব, তাৰ পিছত ক্ৰমান্বয়ে নিজ চৌহদ, গাওঁ, জিলা আৰু দেশৰ স্বচ্ছতাৰ বাবে কাম কৰিব লাগিব, আৰু দৈনন্দিন জীৱনত কিছুমান সৰু সৰু কাম কৰিব লাগিব। যেনে – খাদ্য বস্তু পৰিষ্কাৰকৈ খোৱাৰ আগতে আৰু পাছত চাবোনেৰে হাত ধোৱা, শৌচালয় ব্যৱহাৰ কৰা, পৰিষ্কাৰ সাজ – পোছাক পৰিধান কৰা, পানী নিষ্কাশনৰ বাবে নলাৰ ব্যৱস্থা কৰা আদি। আমাৰ এনে কাৰ্যই সুস্থ পৰিবেশ গঠন হোৱাত সহায় কৰে।
সুস্থ শৰীৰতহে সুস্থ চিন্তাৰ জন্ম হয়। সাধাৰণতে স্বচ্ছ হ’বলৈ মানুহৰ জ্ঞানৰ প্ৰয়োজন। আদি মানৱৰ পৰা আধুনিক মানৱৰ ৰূপ পাবলৈ এক দীঘলীয়া সময়ৰ প্ৰয়োজন হৈছিল, ঠিক তেনেদৰে মানৱ সভ্যতাৰ সৃষ্টি কালতে স্বচ্ছতাৰ বিকাশ হোৱা নাছিল। আদিম মানুহে প্ৰথম অৱস্থাত গুহাত বাস কৰিছিল, আৰু ক্ৰমান্বয়ে সমাজ পাতি আৰু গৃহ নিৰ্মাণ কৰি থাকিবলৈ শিকিছিল। তাৰ লগে লগে ন – ন আবিষ্কাৰ হয় মানুহে ক্ৰমান্বয়ে আধুনিক ৰূপ লাভ কৰিলে।
সাধাৰণতে ভাৰতবৰ্ষত ঊনবিংশ শতিকা পৰ্যন্ত স্বচ্ছতাৰ দিশত যথেষ্ট পিছ পৰি ৰোৱা দেখা গৈছিল, তেনে অৱস্থাতে স্বাধীনতা সংগ্ৰামৰ কালছোৱাতে জাতিৰ পিতা মহাত্মা গান্ধীয়ে স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আৰু স্বচ্ছতাক সংগ্ৰামৰ এক কাৰ্যসূচী হিচাপে লৈ আগ বাঢ়ি যায়। আৰু স্বাধীনতা সংগ্ৰামৰ সময়ত মহাত্মা গান্ধীয়ে স্বচ্ছতাৰ ধাৰণা প্ৰচাৰ কৰিছিল। সংগ্ৰামৰ সময়ত গান্ধীজীৰ এই ধাৰণাই জনসাধাৰণক আগ্ৰহী কৰি তুলিছিল, আৰু স্বচ্ছতাক স্বাধীনতাৰ বুনিয়াদ হিচাপে গঢ়ি একাংশ জনসাধাৰণৰ সংগ্ৰামৰ বাবে একএিত হৈছিল। দেশৰ নজোৱান সকলে স্বাধীনতাৰ সংগ্ৰামত অংশ গ্ৰহণ কৰিছিল। গান্ধীজীয়ে এই স্বচ্ছতাৰ ধাৰণা জৰিয়তে এক উন্নত ভাৰতীয় গঢ়িব বিছাৰিছিল। সত্য অন্বেষক গান্ধীজীয়ে অনান্য জীৱনশৈলীৰ ভিতৰত স্বচ্ছতাক সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদান কৰিছিল। মানুহৰ অসজাগতাৰ কাৰণে ৰে’ল ষ্টেচন, বাছ আস্থান, আৰু মন্দিৰ সমুহ অতিকৈ লেতেৰা হয়। মুকলিত শৌচ কৰাটো গান্ধীজীয়ে অসভ্যতাৰ সমান বুলি গণ্য কৰিছিল। গান্ধীজীৰ বাবে স্বচ্ছতাক কেৱল এক জৈৱিক আৱশ্যকতা নাছিল, সত্য অনুভুতিৰ এক অভিন্ন অংগ আছিল। যিজন গান্ধীজীয়ে সত্যক ঈশ্বৰৰ সমান জ্ঞান কৰিছিল। সেইজন গান্ধীজীয়ে আন্তৰিক আৰু বাহ্যিক পৰিষ্কাৰ- পৰিচ্ছনতা ওপৰত গুৰুত্ব দিছিল। তেওঁ কৈছিল যে – লেতেৰা শৰীৰ আৰু অসুস্থ মস্তিষ্কৰ দ্বাৰা আমি ভগৱানৰ আশীৰ্বাদ পাব নোৱাৰোঁ। শুদ্ধ শৰীৰত কোনো লেতেৰা চহৰত বাস কৰিব নোৱাৰোঁ।
গান্ধীজীয়ে দৃষ্টিকোণৰ পৰা ভাৰতৰ ‘ স্বৰাজ ‘ প্ৰাপ্তিৰ পিছত ‘স্বচ্ছতাৰ’ এক অপূৰ্ব স্থান আছে। গান্ধীৰ বাবে স্বচ্ছতাক ‘ স্বৰাজ যোজনা ‘ আছিল। তেওঁ স্বচ্ছ আচৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আৰু তেওঁৰ গাৱৰ শোচনীয় অবস্থাৰ যথেষ্ট গুৰুত্ব দিছিল।
গান্ধীজীৰ মতে দৰিদ্ৰতাৰ এই প্ৰধান কাৰণ হৈছে স্বচ্ছতাৰ সম্পৰ্কে সাধাৰণ জ্ঞানৰ অভাৱ। যদি গাঁৱৰ পৰিষ্কাৰ পৰিচ্ছনতাৰ ক্ষেত্ৰত পৰিবৰ্তন আনিব পাৰি, তেতিয়া অৰ্থনৈতিক দিশত উন্নতি হ’ব। এজন অসুস্থ কৃষতকৈ এজন সুস্থ কৃষকে বেছি কষ্ট কৰিব পাৰি।
তেওঁৰ মতে অন্নৰ কেন্দ্ৰ হৈছে গাওঁ। তেওঁ স্বতন্ত্ৰ ভাৰতৰ গাঁৱৰ কল্পনা কৰি এনেদৰে কৈছিল যে – সেইখন গাঁৱক উন্নত বুলি মানি লোৱা হ’ব , য’ত প্ৰতিটো জৰুৰী কামৰ বাবে প্ৰত্যেক প্ৰকাৰৰ গ্ৰাম উদ্যেগ থাকিব, য’ত নিৰক্ষৰ লোক নাথাকিব , য’ত ৰাস্তা সদায় চাফা হৈ থাকিব, য’ত শৌচ কৰিবৰ বাবে নিৰ্ধাৰিত স্থান থাকিব আৰু য’ৰ কুৱাঁবোৰ চফা হ’ব।” গান্ধীৰ নেতৃত্বত স্বচ্ছতাৰ আৰু স্বাধীনতা সংগ্ৰাম একেলগে চলিছিল। শৌচালয়য়ৰ চাফাই আৰু স্বচ্ছতাৰ কাৰ্য্যত সত্যাগ্ৰহী সকলে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছিল। প্ৰতিখন জনসভা গাঁৱৰ চাফাই কাৰ্যসূচীৰে আৰম্ভ কৰিছিল। অসংখ্য স্থানত গান্ধীজীৰ আহবনিক স্বীকাৰ কৰি চাফাই অভিযান আৰম্ভ কৰিছিল। কিন্তু স্বাধীনতা সংগ্ৰামৰ সময়তে গান্ধীজীৰ স্বচ্ছতাৰ ধাৰণা বিকাশ কৰিছিল। যদিও বৰ্তমান সময়ত স্বচ্ছতাৰ দিশত আমি সম্পূৰ্ণ সফল হৈছোঁ বুলি ক’ব নোৱাৰোঁ। বৰ্তমান ৰে’ল ষ্টেচন, বাছ আস্থান, বজাৰ আদি লেতেৰা হৈ থকা দেখা যায়। আটাইতকৈ চিন্তনীয় বিষয় এইটো যে বৰ্তমান মন্দিৰ সমুহ অত্যধিক লেতেৰা হৈ পৰিছে।যি মন্দিৰলৈ আমি মনৰ পবিত্ৰতাৰ বাবে যাওঁ সেই মন্দিৰৰ পিছফালেই ওলোটা এখন ছবি পৰিলক্ষিত হৈছে।
বৰ্তমান সময়ত বায়ু, পানী, মাটি সকলোৰে প্ৰদূষিত হৈছে। যাৰ বাবে গোলকীয় উষ্ণতাৰ দৰে সমস্যা হৈছে আৰু জনসাধাৰণৰ বিভিন্ন স্বাস্থ্যজনিত ৰোগত ভুগিছে।
উপৰোক্ত সমস্যা সমুহৰ সমাধান কৰিবলৈ হ’লে স্বচ্ছতাক আকোঁৱালি ল’ব লাগিব। আৰু গান্ধীজীৰ স্বচ্ছতাৰ ধাৰণাক সম্মান জনাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২ অক্টোবৰ দিনা “স্বচ্ছ ভাৰত অভিযান” ৰ ঘোষণা কৰে। যি গান্ধীজীৰ স্বচ্ছতাৰ জৰিয়তে ভাৰতীয় সভ্যতাৰ গঠনৰ সপোনক বাস্তব ৰূপ দিবলৈ সক্ষম হৈছে। আৰু গান্ধীজীৰ ২০১৯ বৰ্ষৰ ১৫০ সংখ্যাক জন্ম জয়ন্তী পৰ্যন্ত এখন ‘স্বচ্ছ ভাৰত ‘ গঠনৰ লক্ষ্যৰে এই ‘স্বচ্ছ ভাৰত অভিযান’ আৰম্ভ হৈছে। গান্ধীজীৰ
স্বচ্ছ ভাৰতৰ সপোনক সফল কৰিবলৈ আমি সকলোৱে এই অভিযানৰ সহযোগিতা কৰিব লাগিব। স্বচ্ছতা সম্পৰ্কে জনসাধাৰণৰ মাজত বৃদ্ধি কৰিব লাগিব।
ৰাজা তাঁতী
সম্মাসিক – পঞ্চম সম্মাসিক
বিভাগ – সমাজতত্ত্ব
বিদ্যালয় – মৰঙি মহাবিদ্যালয়
জয়তু মৰঙি মহাবিদ্যালয়
জয়তু মৰঙিয়ান