ৰঙাজান চাহ বাগিচাত বাল্যবিবাহ বিৰোধী সজাগতা সভা

0
143

ডিজিটেল সংবাদ মৰঙি:KOSI LOK MANCH ৰ উদ্যোগত আৰু ৰঙাজান যুৱ সংঘৰ সহযোগত ৰঙাজান চাহ বাগিচাৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণত এখন বাল্যবিবাহ বিৰোধী সজাগতা সভাৰ আয়োজন কৰা হয়।
ৰঙাজান চাহ বাগিচাৰ বিশিষ্ট সমাজ সেৱক তথা অসম চাহ মজদূৰ সংঘৰ সভাপতি শ্ৰীযুত পবিত্ৰ জাল ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সজাগতা সভাখনি।
বাল্যবিবাহ বিৰোধী সজাগতা সভা
আজিৰ সভাখনিত শিশু সুৰক্ষা বিভাগৰ বিষয়া উমে কুলচোম ৰহমান,
ৰঙাজান শোণিতপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত দিলীপ শইকীয়া , ৰঙাজান চাহ বাগিচাৰ সমাজ সেৱক শ্ৰীযুত অতুল জাল ক্ৰমে ৰঙাজান চাহ বাগিচাৰ সমাজ সেৱক শ্ৰীযুত নৰেশ তাঁতী, শ্ৰীযুত ৰাম তাঁতী উপস্থিত থাকে। সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে ভাষণ প্ৰদান কৰি বাল্য বিবাহ নিৰ্মূল কৰাত সহযোগ আগবঢ়াবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।
উল্লেখ্য যে বাল্য বিবাহ বিৰোধী সজাগতা সভা খনত কাজিৰঙা ইউনিভাৰচিটিৰ ছাত্ৰ-ছাত্ৰী সকলে এখন নাট প্ৰদৰ্শন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here