মৰঙিৰ ৰঙাজান সামূহিক ভৱনত বিনামূলীয়া চিকিৎসা শিবিৰ।
সেৱা ভাৰতী পূৰ্বাঞ্চল আৰু নেচনেল মেডিকোজ অৰৰ্গানাইজেশ্বনৰ অধীনত অনুষ্ঠিত কৰা হয় বিনামূলীয়া স্বাস্থ্য শিবিৰ।
এই শিবিৰৰ মূল উদ্দেশ্য হৈছে অঞ্চলটোৰ জনসাধাৰণৰ মাজত স্বাস্থ্যৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰা। তদুপৰি এই শিবিৰত বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধৰ ব্যৱস্থা কৰা হয় ৷
এই স্বাস্থ্য শিবিৰত ৰঙাজান চাহ বাগিচা খনৰ প্ৰায় ১৪৯ গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰে ৷
উক্ত শিবিৰত চিকিৎসকৰ কেইবাটাও বিভাগৰ দল উপস্থিত থকাৰ লগতে চাহ বাগিচা খনৰ জনসাধাৰণৰ স্বাস্থ্যৰ সম্পৰ্কে পৰামৰ্শ আগবঢ়ায় ৷
ইয়াৰ যোগেদি চাহ বাগিচা খনৰ দৰিদ্ৰ ৰাইজৰ বহু সুবিধাজনক হ’ব বুলি উল্লেখ কৰে চিকিৎসকৰ দলে ৷
ৰাইজৰ উপকৃত হোৱাকৈ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য শিবিৰ আয়োজন কৰা হ’ব বুলি উল্লেখ কৰে চিকিৎসকে ৷
উল্লেখ্য যে পাটনা AIIMS ৰ চিকিৎসক সিদ্ধাৰ্থ ডুবে সহ গুজৰাট আৰু ৰাজস্থানৰ চাৰি জনীয়া চিকিৎসকৰ দল উপস্থিত থাকে উক্ত শিবিৰ খনত।


