Home Blog Page 4

নৱপ্ৰয়াস যুৱ সংঘৰ উদ্যোগত স্বামী বিবেকানন্দ জন্মজয়ন্তী উপলক্ষে আজি পোৰাজংঘল ৰাজহুৱা খেলপথাৰত এদিনীয়া প্ৰাইজমানী এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত ।

0

স্বামী বিবেকানন্দৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শোভাৰম্ভ কৰে প্ৰাক্তন ফুটবল খেলুৱৈ তথা গোলাঘাট জিলাৰ প্ৰাক্তন ফুটবল ৰেফাৰী গোবিন্দ শইকীয়াই। অনুষ্ঠানত উপস্থিত থাকে ধলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন হাজৰিকাৰ লগতে মৰঙি উপক্ৰীড়া সন্থাৰ বিষয়ববীয়া সকল।
এই প্ৰতিযোগিতাখনিত ৩ টা শাখাত মুঠ ২৪৫

জন খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

খুমটাইৰ বিভিন্ন স্থানত জলবায়ু পৰিৱৰ্তন আৰু বান সজগতাক লৈ বাটৰ নাট প্ৰদৰ্শন*

0

গোলাঘাট জিলাৰ খুমটাইৰ বিভিন্ন অঞ্চলত সুৰক্ষিত অসমৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা হয় । বান আৰু জলবায়ু পৰিৱৰ্তনক লৈ সজাগতা সৃষ্টিৰ প্ৰয়াস
গোলাঘাট জিলাত বান আৰু জলবায়ু পৰিৱৰ্তনক মূল বিষয় হিচাপে লৈ এই সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জলবায়ু আৰু বান সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ বাবে গোটেই বিশ্বতেই ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলত সুৰক্ষিত অসমৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা কৰা হয় । আন্তৰ্জাতিক দুৰ্যোগ বিপদাশংকা হ্ৰাস দিৱস উপলক্ষে গোলাঘাট জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু বান আৰু স্বেচ্ছাসেৱী সংগঠন ‘মাটি’ৰ উদ্যোগত জলবায়ু পৰিৱৰ্তনৰ সজাগতাৰে

আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী শুভাৰম্ভণিৰ পাছতেই বিভিন্ন স্থানত বাটৰ নাট প্ৰদৰ্শন কৰা হয়। খুমটাই চাৰিআলিত বাটৰ নাটৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত জিলা আয়ুক্ত মিতালী লহকৰ , বিষয়া খুমটাইৰ চক্ৰ বিষয়া চম্পক ডেকা, খুমটাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী ,
খুমটাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু খুমটাই আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকল,

খুমটাই ৰাজহ চক্ৰৰ সকলো কৰ্মচাৰী আৰু খুমটাইৰ স্থানীয় ৰাইজ উপস্থিত‌ থাকে । ঊল্লেখযোগ্য যে, 10 তাৰিখৰ পৰা ১৩ তাৰিখলৈ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গতখন বিভিন্ন ঠাইত এই বাটৰ নাটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

এশ বছৰ সম্পুৰ্ণ হল মৰঙিৰ এজন ককা

0

এশ বছৰ সম্পুৰ্ণ হল মৰঙিৰ এজন ককা। মৰঙিৰ মৌজাৰ ফলঙনিৰ শ্ৰী যুত যাদৱ আধ্যাপকৰ বৰ্তমান বয়স ১০০ বছৰ।১৯২৫ চনৰ ৭ জানুৱাৰিত দেৰগাঁওৰ ৰজাবাহৰত জন্ম গ্ৰহন কৰা তেওঁ মৰঙীৰ বহুতো অনুষ্ঠানৰ লগত একাধাৰে জড়িত।ফলঙনীৰ বহুতো অনুষ্ঠানৰ বাবে অধ্যাপক ডাঙৰীয়াই মুক্ত হস্তে বৰঙনি আগবঢ়াই আহিছে। তেওঁ ১৯৩৭ চনত ফলঙনীলৈ আহে।বৰ্তমান তেওঁ ফলঙনীৰ বাসিন্দা।আজি ওপজা দিনা তেওঁক ফলঙনীৰ জনসাধাৰণে অভিনন্দন জনাই।তেওঁৰ ল’ৰা তিনিজন আৰু ছোৱালী দুগৰাকী।

জ্যেষ্ঠ পুত্ৰ প্ৰয়াত প্ৰদীপ অধ্যাপক গুৱাহাটী কটন কলেজৰ অধ্যাপক মৰঙী মৌজাৰ প্ৰথম ডক্টৰেট। জ্যেষ্ঠ বোৱাৰী বুলবুলি বৰঠাকুৰ অধ্যাপক revenue board ৰ সদস্য ন্যায়াধীশ।মাজু পুত্ৰ অজিৎ অধ্যাপক যাগীৰোড কাগজ কাৰখানাৰ অৱসৰপ্ৰাপ্ত অভিযন্তা।মাজু বোৱাৰী নৱৰূপা শৰ্মা অধ্যাপক এগৰাকী গৃহিণী।সৰু পুত্ৰ ৰঞ্জন অধ্যাপক দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক।

সৰু বোৱাৰী কল্পনা ভাগৱতী অধ্যাপক এগৰাকী গৃহিণী। বৰ জীয়ৰী ভাৰতী দেৱী এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আৰু সৰু জীয়ৰী মিনতি দেৱীও এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী।আৰু নাতি নাতিনীৰে ভৰপূৰ এখন সংসাৰ।

বগীধলা চাহ বাগিচাৰ শ্ৰমিক সকলৰ স্বাস্থ্য অধিক অৱনতি বাতৰি সম্পচাৰৰ পাছতে তৎপৰ জিলা প্ৰশাসন।

0

গোলাঘাটৰ বগীধলা চাহ বাগিচাৰ চাহ শ্ৰমিকৰ স্বাস্থ্য প্ৰতি তৎপৰ জিলা আয়ুক্ত পুলক মহন্ত ডাঙৰীয়া লগতে জিলা স্বাস্থ্য বিভাগ ৷

আজি গোলাঘাট বগীধলা চাহ বাগিচাত গোলাঘাটৰ জিলা উপায়ুক্তৰ নেতৃত্বত মৰঙী চক্ৰ বিষয়া সহযোগত স্বাস্থ্য কেম্পৰ ব্যৱস্থা কৰা লগতে আয়ুম্মান কাৰ্ড,ৰেচন কাৰ্ড নথকা ব্যক্তি সকলক দিয়াৰ ব্যৱস্থা কৰে ৷

বগিধলা স্বাস্থ্য কেম্পত উপস্থিত থাকে জিলা স্বাস্থ্য বিভাগৰ দল ,
চাহ শ্ৰমিক সংগ্ৰাম সমিতি ,ভুমি অধিকাৰ সমিতিৰ অমিত নাগ ,অনন্ত কুমাৰ দ্বীপ ,ইয়ালোদিন হুছেইন ধৰি সংগঠনৰ বহু গন্যমান ব্যক্তি ৷

বগিধলা চাহ বাগিচাৰ শ শ শ্ৰমিকে শাৰী পাতিলে স্বাস্থ্য বাবে শিবিৰলৈ।

গোলাঘাটৰ ঐতিহাসিক চিনাতলীত অনুষ্ঠিত চতুৰ্থ সংখ্যক সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ 👉শ্ৰেষ্ঠ ভাওনা দলৰ খিতাপ লাভ কৰে

0

গোলাঘাটৰ ঐতিহাসিক চিনাতলীত অনুষ্ঠিত চতুৰ্থ সংখ্যক সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ
শ্ৰেষ্ঠ ভাওনা দলৰ খিতাপ লাভ কৰে শিৱসাগৰৰ ফুলপানীছিগাৰ অৰুণোদয় সাংস্কৃতিক গোষ্ঠীয়ে
প্ৰতিযোগিতাৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত NEWS LIVE ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইন।নিজম পৰিল গোলাঘাটৰ চিনাতলীৰ শংকৰ মাধৱ ক্ষেত্ৰ ৷ অৰণ্যম ট্ৰাষ্টৰ উদ্যোগত চিনাতলীত অনুষ্ঠিত সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ সফল সামৰণি ৷ ১৮ দিনীয়াকৈ অনুষ্ঠিত ভাওনা মহোৎসৱত ৰাজ্যৰ ৩২ টা দলৰ মাজত শ্ৰেষ্ঠত্ব অৰ্জন কৰিলে শিৱসাগৰৰ ফুলপানীছিগাৰ অৰুণোদয় সাংস্কৃতিক গোষ্ঠীয়ে। প্ৰতিযোগিতাখনিত ৭ টা শ্ৰেষ্ঠ দলক পুৰস্কাৰ প্ৰদান কৰাৰ লগতে বহুকেইটা ব্যক্তিগত শাখাত পুৰস্কাৰ প্ৰদান কৰা হয়। উল্লেখ যে ভাওনা সমাৰোহৰ মুকলি সভাত অৰণ্যম ট্ৰাষ্টে সত্ৰীয়া সংস্কৃতিৰ সাধক,সত্ৰাধিকাৰ শ্ৰী শ্ৰী প্ৰণৱ গোস্বামীক *অগ্নিগড় বঁটা* প্ৰদান কৰে ৷ এই বঁটাত আছে চেলেং,সম্বৰ্দ্ধনা পত্ৰ,স্মাৰকৰ লগতে নগদ বিছ হাজাৰ টকা ৷ আনহাতে এই সভাতে জিতেন শইকীয়াক মৰুণোত্তৰভাৱে *অৰুণ্যম বঁটা* আৰু ভৰত দত্তক *চিনাতলী বঁটা* প্ৰদান কৰা হয়। মুকলি সভাত বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় বিধায়ক মৃণাল শইকীয়াক। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইন । অসমৰ ৭ খন জিলাৰ ৩২ টা ভাওনা দলে অংশগ্ৰহণ কৰা শংকৰ মাধৱ ক্ষেত্ৰ দ্বিতীয় বৈকু্ণ্ঠপুৰীলৈ পৰিণত হৈছিল ৷ বঁটা বিতৰণী সভাৰ পিছতে নামৰূপ মহিলা ভাওনা দলে প্ৰদৰ্শিত কৰে ভাতৃবধু ভাওনা। অন্তিম দিনা মহিলা ভাওনা চাবলৈ শংকৰ মাধৱ ক্ষেত্ৰত ভিৰ কৰিলেহি হাজাৰ হাজাৰ ভকত-বৈষ্ণৱে

পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰ আৰু সন্ধিয়া বহিঃ বিভাগৰ সেৱা উদ্বোধন

0

জিলা অসামৰিক চিকিৎসালয়ত ৬খন বিছনাযুক্ত পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰ*

আজি ইংৰাজী ৬ জানুৱাৰী, ২০২৫ সোমবাৰে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত
ছয়খন বিছনাযুক্ত পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰ (Nutrition Rehabilitation Centre- NRC)ৰ শুভ উদ্ধোধন কৰে অসম চৰকাৰৰ বিত্ত তথা মহিলা আৰু শিশু বিকাশ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ মহোদয়াই। ইয়াৰ লগতে মন্ত্ৰী গৰাকীয়ে জিলা চিকিৎসালয় খনত আজিৰ পৰা সন্ধিয়া বহিঃ বিভাগৰ (evening OPD) সেৱা মুকলি কৰে।

শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰ মুকলি হোৱাৰ লগতে গোলাঘাট জিলাত এনেকুৱা কেন্দ্ৰৰ সংখ্যা দুই লৈ বৃদ্ধি হ’ল- বোকাখাট স্থিত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় আৰু গোলাঘাট স্থিত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়।

জিলা চিকিৎসালয়ত নতুনকৈ কাৰ্য্যকৰী হোৱা পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰ আৰু সন্ধিয়া বহিঃ বিভাগ পৰিদৰ্শন কৰাৰ পিছতেই তেখেতে দুইটা অনুষ্ঠানৰ বাবে আয়োজন কৰা সভা খনত উপস্থিত জিলা আয়ুক্ত, শ্ৰীযুত পুলক মহন্ত, অতিৰিক্ত আয়ুক্ত (স্বাস্থ্য) শ্ৰী জেমছ আইণ্ড, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, ডা: ৰণজিত ভূঞা, পৌৰসভাৰ সভানেত্ৰী শ্ৰীমতী দুলুমনি ৰাজখোৱা, জিলা সমাজ কল্যাণ বিষয়া, শ্ৰী দুদু দত্ত, অধীক্ষক, ডা: দিলীপ ডেকাকে আদি কৰি জ্যেষ্ঠ চিকিৎসক সকল, চিকিৎসা কৰ্মী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া সকল আৰু ৰাইজক উদ্দেশ্য কৰি কয় যে জিলা খনত SAM (গুৰুতৰ আপুষ্টিকৰ) আৰু MAM (মধ্যমীয়া অপুষ্টিকৰ) শিশু সকলক চিনাক্ত কৰাতো অতিকৈ প্ৰয়োজনীয় বিশেষকৈ চাহ বাগিচা অঞ্চল সমূহত SAM আৰু MAM শিশুৰ উপস্থিতি বহুকৈ আছে। ইয়াৰ বাবে মন্ত্ৰী মহোদয়ায়ে সমাজ কল্যাণ বিভাগ আৰু স্বাস্থ্য বিভাগক যুটীয়া ভাবে পদক্ষেক লৈ কাৰ্যক্ৰমনিকা প্ৰস্তুত কৰি আশা কৰ্মী তথা অংগনবাঢ়ি কৰ্মিৰ দ্বাৰা নিজ – নিজ এলেকা সমূহৰ পৰা অপুষ্টিত ভুগি থকা শিশু চিনাক্ত কৰাৰ বাবে আহ্বান জনাই। অংগনবাঢ়ি কেন্দ্ৰ সমূহত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি অপুষ্টিত ভুগি থকা শিশু আৰু লগতে ৰক্তহীনতাত ভুগি থকা শিশু সকলক উচিত চিকিৎসাৰ বাবে বোকাখাট অথবা গোলাঘাট স্থিত NRC লৈ প্ৰেৰণ কৰাৰ অথবা প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰাৰ প্ৰতি গুৰুত্ব আৰোপ কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰে। ইতিমধ্যে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ এন. আৰ. চি’ত ৬ জন শিশু ভৰ্তি হৈছে। এই শিশু সকলক ১৪ দিনৰ প্ৰাথমিক থেৰাপী ফুড প্ৰদান কৰাৰ লগতে ডায়েটিচিয়ানে উচ্চতাৰ লগতে ওজনৰ উপৰত চকু দিব। ১৪ দিনৰ পিছত শিশুটিৰ বৃদ্ধি যদি সন্তোষজনক হয় তেতিয়াহে সেই শিশুটিক চুটি দিয়া হ’ব। এন. আৰ. চি’ত শিশুটিৰ লগতে তেওঁৰ এজন অভিভাৱক চিকিৎসা সমাপ্ত নোহোৱা পৰ্যন্ত থাকিব পৰাৰ ব্যবস্থা থাকিব।

সন্ধিয়া বহি: বিভাগৰ সেৱা আগবঢ়োৱাৰ বাবে মন্ত্ৰী গৰাকীয়ে স্বেচ্ছামূলক ভাৱে চিকিৎসক সকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাই। জৰুৰীকালীন সেৱাৰ উপৰিও সন্ধিয়া বহিঃ বিভাগ ২ বজাৰ পৰা ৮ বজালৈ উপলদ্ধ থাকিব। মন্ত্ৰী গৰাকীয়ে চিকিৎসালয় সমূহত স্বচ্ছতাৰ উপৰত গুৰুত্ব প্ৰদান কৰাৰ প্ৰতি চিকিৎসা

কৰ্মীৰ লগতে ৰাইজক আহ্বান জনাই।

মৰঙিৰ ৰংবংৰ এজন শিক্ষকৰ প্ৰতি সমাজ ব্যৱস্থাৰ ব‌্যতিক্ৰমী সম্ভাষন

0

মৰঙিৰ ৰংবংৰ এজন শিক্ষকৰ প্ৰতি সমাজ ব্যৱস্থাৰ ব‌্যতিক্ৰমী সম্ভাষন । শিক্ষকৰ চৰণ ধুৱাই,ধুপ ধুনা জ্বলাই গায়ন বায়নেৰে আদৰনি ।‌ শিক্ষকৰ ঘৰৰ গোঁসাই ঘৰত সেৱা লৈ ঘৰৰ পৰা আদৰিছে ।

মৰঙি মৌজাৰ ৫ নং ৰংবং মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক নীলকান্ত বৰাই চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাত তেখেতক ছাত্ৰ ছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, অনুস্থান, প্ৰতিস্থানৰ লগতে অঞ্চলটোৰ ৰাইজে এক সুকীয়া মৰ্যাদাৰে সম্ভাষন জনায় । শিক্ষকজনৰ ঘৰত গৈ প্ৰথমে তেওঁলোকৰ গোঁসাই ঘৰত সেৱা লৈ গায়ন বায়নেৰে আদৰি আনে নিজ বিদ্যালয়খনলৈ । বিদ্যালয়ৰ দুৱাৰমূখত অৱসৰ গ্ৰহন কৰা শিক্ষকজনৰ ভৰি ধুই, তেওঁৰ চৰণ চুই ছাত্ৰ ছাত্ৰী সকলে আৰ্শীবাদ গ্ৰহণ কৰি বিদ্যালয়খনলৈ আদৰি আনে । এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানৰ মাজত সকলোৱে তেখেতক বিদায় সম্বৰ্দ্ধনা জনায় । চৰকাৰী বিদ্যালয়ৰ খনে দাঙি ধৰা এনে কামে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

নবগঠিত খুমটাই সমষ্টিৰ মৰঙি মৌজাৰ কৌৱানী অঞ্চলত খুমটাই সমষ্টিৰ বিধায়ক  মৃণাল শ ইকীয়া।

0

উন্নয়ন প্ৰথম খোজ লৈ নবগঠিত খুমটাই সমষ্টিৰ কৌৱানী অঞ্চলত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শ ইকীয়া।
নিশা ভাগত ৰাইজৰ লগতে জুই উত্তাপ লৈ স্থানীয় সমস্যা সমুহ ৰ ওপৰত আলোকপাত কৰে বিধায়ক গৰাকী য়ে।
স্থানীয় সমস্যা সমুহ সমাধান ৰ বাবে বিধায়ক গৰাকী য়ে আশ্বাস প্ৰদান কৰে।
অঞ্চলটোৰ ৰাইজক স্বচ্ছতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হয়।

গোলাঘাট  ৰ মৰঙিৰ ফলঙনিত  দুখন অবৈধ  কাঠ ভৰ্তি  ট্ৰাক  জব্দ।

0

গোলাঘাট ৰ মৰঙিৰ ফলঙনিত দুখন অবৈধ কাঠ ভৰ্তি ট্ৰাক জব্দ। ট্ৰাক দুখনৰ নম্বৰ ক্ৰমে AS 01 KC 0768 আৰু AS 02 E 5820, শ্যামৰাইপুৰ চাহবাগিছাৰ পৰা অবৈধ ভাৱে কঢ়িয়াই নিছিল কাঠ সমূহ। দীৰ্ঘদিন ধৰি শ্যামৰাইপুৰ চাহবাগিছাৰ মালিক বিকাশ পাৰিকে অবৈধ ভাৱে চাহবাগিছাৰ গছ কাটি কাঠ ৰ অবৈধ বেহা চলাই অহাৰ অভিযোগ। মুৰফুলনী খণ্ড বন কাৰ্য্যলয়ৰ এটা দলে ৰাজপথত খেদি খেদি জব্দ কৰে ট্ৰাক দুখন।

মৰঙিত হাতে হাতে ঝাড়ু কোৰ লৈ এদল পুৰুষ-মহিলা । মৰঙীৰ বকিয়াল চাহ বাগিচাত হাতত ঝাড়ু,কোৰ লৈ চাফাই অভিযানত নামিল এইসকল লোক ।

0

মৰঙি মৌজাৰ অন্তৰ্গত বকিয়াল চাহ বাগিচাৰ । চাহ বাগিচা খনৰ সামূহিক উন্নয়ন সভাৰ উদ্যোগত আৰু ৱাটাৰ ফৰ পিপলৰ সহযোগত আজি বকিয়াল চাহ বাগিচাৰ নতুন লাইনত স্বচ্ছ অভিযানৰ কাৰ্যসূচী হাতৰ লোৱা দেখা গৈছে । নিজৰ অঞ্চলটো পৰিস্কাৰ কৰি ৰখাটো সকলোৰে দ্বায়িত্ব । নিজৰ গাওঁখন ,সমাজখন পৰিস্কাৰ পৰিচ্ছন্নভাৱে ৰখাৰ লগতে অঞ্চলটোত বাস কৰা লোকসকলৰ বেমাৰ আজাৰ যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আজি বকিয়াল সামূহিক উন্নয়ন সভা আৰু ৱাটাৰ ফৰ পিপলছ নামৰ স্বেচ্ছাসেৱী সংস্থা দুটাই গাঁওখনত স্বচ্ছ অভিযান কৰাৰ লগতে গাওঁখনৰ লোকসকলৰ মাজত সজাগতা কৰা দেখা গৈছে । এনে কাৰ্যসূচী হাতত লোৱাৰ বাবে বাগিচা খনত সকলোৰে মাজত চৰ্চিত হৈ পৰিছে সংস্থা দুটা ।