Home Blog Page 5

খুমটাইৰ আধাৰসত্ৰত ইয়াজুল হক সোঁৱৰণী চতুৰ্বি্ংশ তম প্ৰাইজমাণি সদৌ অসম ভিত্তিক দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিত আৰম্ভ*

0

গোলাঘাটৰ আধাৰসত্ৰত বিগত বৰ্ষসমূহৰ দৰে এই‌ বাৰো চতুৰ্বিংশ তম দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখনি আৰম্ভ হৈছে ।
মোক্তাৱ যুৱ সংঘৰ উদ্যোগত আৰু আধাৰসত্ৰবাসী ৰাইজৰ সহযোগত ২০০৮ চনৰ ৩০ অক্টোবৰৰ গুৱাহাটীৰ গণেশগুৰিৰ বোমা বিস্ফোৰণত নিহত প্ৰয়াত ইয়াজুল হক আৰু মোস্তাফিক আলি সোঁৱৰণী প্ৰাইজমাণি সদৌ অসম ভিত্তিক দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা খন ৩,৪,৫, ৬ আৰু ৭ জানুৱাৰীলৈকে এই প্ৰতিযোগিতাখনি অনুষ্ঠিত হ’ব । যোৱা নিশা এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গোলাঘাটৰ বিশিষ্ট চিকিৎসক ৰূপম দুৱৰাই । এই উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে পতাকা উত্তোলনৰ কাৰ্যসূচী ৰখা হয় এই পতাকা পতাকা উত্তোলন কৰে মোক্তাৱ যুৱ সংঘৰ উপদেষ্টা তথা সমাজকৰ্মী কিস্মৎ আলীয়ে । তাৰ পিছত এক গাম্ভীৰ্যপূৰ্ণ সম্বৰ্দ্ধনা অনুষ্ঠান ৰখা হয় । য’ত উদ্বোধকৰ লঘতে সদৌ অসম গাওঁৰক্ষী বাহিনীৰ সম্পাদক তথা গোলাঘাট জিলা থানা সমিতিৰ সভাপতি মাধৱ শইকীয়া , আহাৰ আলি , গোলাঘাটৰ বিশিষ্ট সমাজসেৱক অচ্যুত নাথ , খুমটাই সমষ্টিৰ বিশিষ্ট সমাজকৰ্মী চন্দন গোস্বামী, যুৱ অধিবক্তা ৰাজা কলিতা ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । অসম তথা বহি ৰাজ্যৰো প্ৰায় সত্তৰটাৰো অধিক দলে অংশগ্ৰহণ ‌কৰিবলগীয়া এই প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন স্থানীয় এম চি বি বয়জ ক্লাৱ আৰু গৌতম কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড একাদশৰ মাজত অনুষ্ঠিত হয় ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত মৰঙিত উন্নয়নত প্ৰথমটো খোজ বিধায়ক মৃণাল শইকীয়াৰ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত মৰঙিত উন্নয়নত প্ৰথমটো খোজ বিধায়ক মৃণাল শইকীয়াৰ।পুৱা সাত বজাতেই ৰাইজক লগত লৈ উদ্ধোধন কৰিলে পথ মেৰামতিৰ কাম।প্ৰথমদিনাই দহ কোটি টকাৰ উন্নয়ণমূলক কাম শুভাৰম্ভণি কৰিলে খুমটাইৰ বিধায়ক গৰাকীয়ে।মইনাপাৰাৰ পৰা থুৰামুখ সংযোগী ৩.২ কিলোমিটাৰ আৰু লুৰুকিহাটৰ পৰা শেনচোৱা পথ সংযোগী ৫.২ কিলোমিটাৰ পথ পুনৰ মেৰামতি কামৰ উদ্ধোধন কৰে। উল্লেখ্য যে পূৰ্বতে বৃহত্তৰ মৰঙি মৌজাৰ এঘাৰ খনকৈ গাওঁ পঞ্চায়ত সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত আছিল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত মৰঙিৰ এঘাৰ খন পঞ্চায়তেই খুমটাই বিধানসভা সমষ্টিৰ আওতাত সোমাই পৰে। বৃহত্তৰ মৰঙি মৌজাটো খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাত এতিয়া মৰঙি বাসীয়ে সন্তোষ প্ৰকাশ কৰিছে। বিশেষকৈ বিধায়ক মৃণাল শইকীয়াৰ কাম কাজক লৈ মৰঙিবাসীয়ে উন্নয়ণৰ আশাৰ ৰেঙণি দেখা পাইছে।

নতুন বৰ্ষৰ প্ৰথম দিনটোতে মৰঙি নিউজৰ website  মুকলি www.moranginews .com

0

মৰঙি নিউজ ডিজিটেল হৈছে  অসমৰ গোলাঘাট জিলাৰ মৰঙি অঞ্চলত সেৱা আগবঢ়োৱা এটা নিউজ ৱেবছাইট। ই স্থানীয় বাতৰিৰ কভাৰেজ প্ৰদান কৰে আৰু ইয়াৰ অনলাইন প্লেটফৰ্মৰ জৰিয়তে সম্প্ৰদায়ৰ সৈতে জড়িত হয়। পৰ্টেলটোৱে ছ’চিয়েল মিডিয়াত বিশেষকৈ ফেচবুক, ইনষ্টাগ্ৰাম ,ইউটিউব আদিত সক্ৰিয় উপস্থিতি বজাই ৰাখে য’ত ই সঘনাই গোলাঘাট জিলাৰ লগত জড়িত বাতৰিৰ আপডেট, ভিডিঅ’, আৰু লাইভ সম্প্ৰচাৰ শ্বেয়াৰ কৰি আহিছে 



ডিজিটেল উপস্থিতিৰ জৰিয়তে মৰঙি নিউজ ডিজিটেলৰ লক্ষ্য হৈছে মৰঙিবাসীক স্থানীয় পৰিঘটনা আৰু তেওঁলোকৰ সম্প্ৰদায়ক প্ৰভাৱিত কৰা বিষয়সমূহৰ বিষয়ে অৱগত কৰা।

বৰ্ষটোৰ বিদায়ী বেলাত বনৰীয়া হাতীৰ এক নান্দনিক দৃশ্যই সকলোকে মোহিত কৰিছে৷ ফুটবল খেলি আনন্দিত পোৱালিসহ ৫ টাকৈ বনৰীয়া হাতীৰ৷

0

নুমলীগড় শোধনাগাৰৰ সন্মুখৰ লেটেকুজান চাহ বাগিছাৰ। এখন সৰু মুকলি পথাৰত পুৱা ফুটবল খেলি আছিল কেইটিমান কনমানিয়ে৷ তেনেতে ওলালহি বনৰীয়া হাতীৰ পাঁচজনীয়া এটি দল৷ মুখৰ আগত ফুটবল পাই খেলিলে বল ৷ তাৰ পিছতে এজোপা কলগছ যোগান ধৰিলে হাতীক৷ কলগছ খাই আনন্দিত হাতীৰ দলটো৷ এই নান্দনিক দৃশ্যই সকলোকে যেন সোৱঁৰাই দিলে মানুহৰ সতে সহাৱস্থান কৰিব বিচাৰে বনৰীয়া হাতীয়েও৷ কাৰো কোনো অনিষ্ট নকৰাকৈ আতঁৰি যায় আশ্ৰয়স্থানলৈ

আজিৰে পৰা আৰম্ভ হ’ল খুমটাই ফুল আৰু গছৰ মেলা ।

0

আজিৰে পৰা আৰম্ভ হ’ল খুমটাই ফুল আৰু গছৰ মেলা । বিভিন্ন ফুলেৰে জাতিষ্কাৰ হৈছে খুমটাইৰ মেলামৰা পাৰিপাৰ্শ্বিক পৰ্যটন ক্ষেত্ৰ । গছ আৰু ফুলৰ সুবাস বিয়পি পৰিছে সকলোতে । এটা বছৰ বিদায় আৰু এটা বছৰ আদৰণি জনাবলৈ উৎকৃষ্ট ঠাই হৈ পৰিছে এই ফুল আৰু গছৰ মেলা । প্ৰথম দিনটোতে সমাগম ঘটিছে হেজাৰজনৰ। ফুলৰ সুবাসৰ মাজত সম্পৃক্ত হৈ আনন্দিত হৈ পৰিছে সকলো । অসম বিধানসভাৰ উপাধ্যক্ষ ড৹ নোমল মমিনে ফিটা কাটি উদ্বোধন কৰিলে এই মেলাৰ । অসমৰ আন সমষ্টিতো এনে কাৰ্যসূচী লোৱাৰ বাবে উদ্যোগ গ্ৰহণ কৰা হ’ব বুলি আগবঢ়ালে মন্তব্য । ফুলৰ উৎসৱত উপস্থিত হৈ উৎফুল্লিত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাও। ক্ৰয় কৰিলে ফুল । ঢেকী দি ৰোমন্থন কৰিলে অতীত স্মৃতি । আজিৰে পৰা পহিলা জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব এই মেলা । ফুল আৰু গছৰ শোভাৰে সুশোভিত হৈ পৰা মেলামৰা পৰ্যটন ক্ষেত্ৰ পৰিণত হৈছে প্ৰকৃতিৰ ৰম্যভূমিলৈ। নিৰিবিলি পৰিৱেশ আৰু সেউজীয়া পৰিবেশ

মৰঙিৰ ৫ নং পোৰাজংঘলত হত্যাকাণ্ড। পাৰ চৰাইক কেন্দ্ৰ কৰি সংঘটিত হল হত্যাকাণ্ড। সুৰামত্ত ককায়েকে লোৰ পাইপেৰে মৰিয়াই হত্যা কৰিলে ভায়েকক। ঘটনাস্থলীত গোলাঘাটৰ শীৰ্ষ আৰক্ষীৰ নেতৃত্বত বগীজান আৰক্ষীৰ তদন্ত।

0

গোলাঘাট জিলাৰ মৰঙি মৌজাৰ “৫ নং পোৰাজংঘলত” ৰবিবাৰে সংঘটিত হয় নিশা হত্যাকাণ্ড। হত্যাকাৰী ককায়েকৰ নাম “লাটুমনি বৰাই” লোৰ পাইপেৰে মৰিয়াই হত্যা কৰিলে নিজ ভাতৃক। অভিযোগ অনুসৰি দেওবাৰে নিশা ককায়েকে পাৰ চৰাইক কেন্দ্ৰ কৰি প্ৰথমে তৰ্কা-তৰ্কী/ বাক-বিতণ্ডাৰ সৃষ্টি হয় ভায়েকৰ লগত। সুৰামত্ত অৱস্থাত থকা লাটুমনি বৰাই ভায়েকক প্ৰথমে মুখত ঘুচিয়াই আক্ৰমণ কৰে। তাৰ পিছতে এডাল লোৰ পাইপেৰে উপৰ্যুপৰি প্ৰহাৰ কৰে নিজ ভায়েকক। ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজৰ সহযোগত লাটুমণি বৰাই আঘাতপ্ৰাপ্ত ভায়েকক গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও পথতে কৰুণ মৃত্যুক আকোৱালি লয় ভায়েকে । ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰপৰা গ্ৰেপ্তাৰ কৰে হত্যাকাৰী লাটুমনি বৰাক। ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ তদন্ত কৰি গোলাঘাট আৰক্ষীৰ উচ্চ পদস্থ বিষয়াক ঘটনা সন্দৰ্ভত অৱগত কৰে । কিছু সময়ৰ পাছতেই ঘটনাস্থলীত গোলাঘাটৰ DSPসহ উচ্চ পদস্থ বিষয়াৰ এটি দল উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে। ঘটনাস্থলীলৈ হত্যাকাৰীক আনি হত্যাকাণ্ডত ব্যৱহৃত লোৰ পাইপডাল উদ্ধাৰ কৰে।সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে

মৰঙিৰ উদয়ন চাহ বাগিছাত প্ৰতিবাদী কাৰ্যসূচী

0

মৰঙিৰ উদয়ন চাহ বাগিছাৰ শ্রমিক অৰুণ কুমাৰক কোনো ধৰণৰ ভুল নথকাকৈ বাগান মেনেজমেন্টে ষড়যন্ত্র মূলকভাৱে কামৰ পৰা বৰ্খাস্ত কৰাৰ বাবে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি,ভাৰতীয় চাহ মজদূৰ সংঘ আৰু
শ্ৰমিকসকলে আজি পুৱাৰ ভাগত কামলৈ যোৱাৰ বিপৰীতে বাগিচাৰ কাৰ্য্যালয়ৰ চৌহদত এক গোট হৈ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে অৰুণ কুমাৰক কামত যদি আকৌ পুনৰাই নিয়োগ নকৰে তেতিয়া জানুৱাৰী মাহৰ চাৰি তাৰিখে উদয়ন চাহ বাগিছাৰ মুখ্য কাৰ্যালয়ত প্ৰতিবাদ কৰাৰ উপৰিও মুখ্য পৰিচালক জনৈক জয়ছোৱাল তথা সহ পৰিচালক ৰঞ্জিত হাজৰিকাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি উক্ত চাহ বাগিচাৰ পৰা খেদি পঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।চাহ শ্ৰমিকৰ ওপৰত অনা অসমীয়াৰ দপ দপনি চলিবলৈ দিয়া নহব।

স্বচ্ছতা আৰু সভ্যতা

স্বচ্ছতা মানৱ সমাজৰ এটা মৌলিক গুণ। স্বচ্ছতা আৰু ত্যাগ ধৰ্মৰ মুখ্য অংগ হিচাপে গণ্য কৰা হয়। সেয়েহে জনসাধাৰণৰ এই বিষয়ে শুদ্ধ জ্ঞান থকাটো আৱশ্যক।
বৰ্তমান সময়ত একাংশ মানুহৰ স্বচ্ছতা সৰ্মন্ধে নিজৰ দৃষ্টিভংগী সংকুচিত হ’বলৈ ধৰিছে। শৰীৰ , সাজপাৰ আৰু নিজে বাস কৰা কোঠা কেইটাৰ ভিতৰতে স্বচ্ছতাক সীমাবদ্ধতা কৰি ৰাখিছে।
আমি স্বচ্ছতাক আধ্যাত্মিক জীৱনৰ মুখ্য অংশ হিচাপে মানি লৈছোঁ। কিন্তু ইয়াক নিদিষ্ট পৰিসৰ মাজত সীমাবদ্ধ কৰি ৰখা উচিত নহয়। সমাজৰ সৰ্বাংগীন উন্নতিৰ কাৰণে স্বচ্ছতাৰ বুনিয়াদ হিচাপে জানিব লাগিব। আৰু তাক আন্তঃকৰনেৰে গ্ৰহণ কৰা চেষ্টা কৰিব লাগিব। স্বচ্ছ আৰু সভ্যতা দুয়োটা গুনেই মানৱ সমাজত পৰিলক্ষিত হ’ব লাগিব।
স্বচ্ছতা মানে পৰিষ্কাৰ পৰিচ্ছনতা। বিভিন্ন প্ৰকাৰৰ বেমাৰৰ পৰা ৰক্ষা পোৱাৰ সৰলতম আৰু মুখ্য উপাইটোয়েই হৈছে – স্বচ্ছতা।
স্বচ্ছতা হ’ল সুখী জীৱনৰ আধাৰশিলা স্বৰূপ । স্বচ্ছতা মানুহক সুস্থ শৰীৰ আৰু সুস্থ মন মগজুৰো অধিকাৰ কৰি তোলে। যাৰ বাবে মানব জাতিক সভ্যতাৰ জখলাত বগাবলৈ সক্ষম হয়। অপৰিষ্কাৰ অসুস্থ চিন্তা আদিয়ে কেতিয়াও একোটা উন্নত সভ্যতা গঢ় দিব নোৱাৰে। কোনো এক সভ্যতা এদিনতে গঢ়ি দিব নোৱাৰে। অতি নিম্ন অবস্থাৰ পৰা উন্নত অৱস্থালৈ ক্ৰমান্বয়ে পৰিবৰ্তন হোৱা প্ৰক্ৰিয়াটোকে সাধাৰণতে সভ্যতা বুলি ক’ব পাৰি।
গতিকে মানুহৰ চিন্তা, জ্ঞান, আদি ক্ৰমে হোৱা বিকাশৰ ফলতহে এটা সভ্যতা গঢ় লৈ উঠে। মানুহে প্ৰথমে নিজকে স্বচ্ছ কৰি ৰাখিবলৈ শিকিব লাগিব, তাৰ পিছত ক্ৰমান্বয়ে নিজ চৌহদ, গাওঁ, জিলা আৰু দেশৰ স্বচ্ছতাৰ বাবে কাম কৰিব লাগিব, আৰু দৈনন্দিন জীৱনত কিছুমান সৰু সৰু কাম কৰিব লাগিব। যেনে – খাদ্য বস্তু পৰিষ্কাৰকৈ খোৱাৰ আগতে আৰু পাছত চাবোনেৰে হাত ধোৱা, শৌচালয় ব্যৱহাৰ কৰা, পৰিষ্কাৰ সাজ – পোছাক পৰিধান কৰা, পানী নিষ্কাশনৰ বাবে নলাৰ ব্যৱস্থা কৰা আদি। আমাৰ এনে কাৰ্যই সুস্থ পৰিবেশ গঠন হোৱাত সহায় কৰে।
সুস্থ শৰীৰতহে সুস্থ চিন্তাৰ জন্ম হয়। সাধাৰণতে স্বচ্ছ হ’বলৈ মানুহৰ জ্ঞানৰ প্ৰয়োজন। আদি মানৱৰ পৰা আধুনিক মানৱৰ ৰূপ পাবলৈ এক দীঘলীয়া সময়ৰ প্ৰয়োজন হৈছিল, ঠিক তেনেদৰে মানৱ সভ্যতাৰ সৃষ্টি কালতে স্বচ্ছতাৰ বিকাশ হোৱা নাছিল। আদিম মানুহে প্ৰথম অৱস্থাত গুহাত বাস কৰিছিল, আৰু ক্ৰমান্বয়ে সমাজ পাতি আৰু গৃহ নিৰ্মাণ কৰি থাকিবলৈ শিকিছিল। তাৰ লগে লগে ন – ন আবিষ্কাৰ হয় মানুহে ক্ৰমান্বয়ে আধুনিক ৰূপ লাভ কৰিলে।
সাধাৰণতে ভাৰতবৰ্ষত ঊনবিংশ শতিকা পৰ্যন্ত স্বচ্ছতাৰ দিশত যথেষ্ট পিছ পৰি ৰোৱা দেখা গৈছিল, তেনে অৱস্থাতে স্বাধীনতা সংগ্ৰামৰ কালছোৱাতে জাতিৰ পিতা মহাত্মা গান্ধীয়ে স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আৰু স্বচ্ছতাক সংগ্ৰামৰ এক কাৰ্যসূচী হিচাপে লৈ আগ বাঢ়ি যায়। আৰু স্বাধীনতা সংগ্ৰামৰ সময়ত মহাত্মা গান্ধীয়ে স্বচ্ছতাৰ ধাৰণা প্ৰচাৰ কৰিছিল। সংগ্ৰামৰ সময়ত গান্ধীজীৰ এই ধাৰণাই জনসাধাৰণক আগ্ৰহী কৰি তুলিছিল, আৰু স্বচ্ছতাক স্বাধীনতাৰ বুনিয়াদ হিচাপে গঢ়ি একাংশ জনসাধাৰণৰ সংগ্ৰামৰ বাবে একএিত হৈছিল। দেশৰ নজোৱান সকলে স্বাধীনতাৰ সংগ্ৰামত অংশ গ্ৰহণ কৰিছিল। গান্ধীজীয়ে এই স্বচ্ছতাৰ ধাৰণা জৰিয়তে এক উন্নত ভাৰতীয় গঢ়িব বিছাৰিছিল। সত্য অন্বেষক গান্ধীজীয়ে অনান্য জীৱনশৈলীৰ ভিতৰত স্বচ্ছতাক সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদান কৰিছিল। মানুহৰ অসজাগতাৰ কাৰণে ৰে’ল ষ্টেচন, বাছ আস্থান, আৰু মন্দিৰ সমুহ অতিকৈ লেতেৰা হয়। মুকলিত শৌচ কৰাটো গান্ধীজীয়ে অসভ্যতাৰ সমান বুলি গণ্য কৰিছিল। গান্ধীজীৰ বাবে স্বচ্ছতাক কেৱল এক জৈৱিক আৱশ্যকতা নাছিল, সত্য অনুভুতিৰ এক অভিন্ন অংগ আছিল। যিজন গান্ধীজীয়ে সত্যক ঈশ্বৰৰ সমান জ্ঞান কৰিছিল। সেইজন গান্ধীজীয়ে আন্তৰিক আৰু বাহ্যিক পৰিষ্কাৰ- পৰিচ্ছনতা ওপৰত গুৰুত্ব দিছিল। তেওঁ কৈছিল যে – লেতেৰা শৰীৰ আৰু অসুস্থ মস্তিষ্কৰ দ্বাৰা আমি ভগৱানৰ আশীৰ্বাদ পাব নোৱাৰোঁ। শুদ্ধ শৰীৰত কোনো লেতেৰা চহৰত বাস কৰিব নোৱাৰোঁ।
গান্ধীজীয়ে দৃষ্টিকোণৰ পৰা ভাৰতৰ ‘ স্বৰাজ ‘ প্ৰাপ্তিৰ পিছত ‘স্বচ্ছতাৰ’ এক অপূৰ্ব স্থান আছে। গান্ধীৰ বাবে স্বচ্ছতাক ‘ স্বৰাজ যোজনা ‘ আছিল। তেওঁ স্বচ্ছ আচৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আৰু তেওঁৰ গাৱৰ শোচনীয় অবস্থাৰ যথেষ্ট গুৰুত্ব দিছিল।
গান্ধীজীৰ মতে দৰিদ্ৰতাৰ এই প্ৰধান কাৰণ হৈছে স্বচ্ছতাৰ সম্পৰ্কে সাধাৰণ জ্ঞানৰ অভাৱ। যদি গাঁৱৰ পৰিষ্কাৰ পৰিচ্ছনতাৰ ক্ষেত্ৰত পৰিবৰ্তন আনিব পাৰি, তেতিয়া অৰ্থনৈতিক দিশত উন্নতি হ’ব। এজন অসুস্থ কৃষতকৈ এজন সুস্থ কৃষকে বেছি কষ্ট কৰিব পাৰি।
তেওঁৰ মতে অন্নৰ কেন্দ্ৰ হৈছে গাওঁ। তেওঁ স্বতন্ত্ৰ ভাৰতৰ গাঁৱৰ কল্পনা কৰি এনেদৰে কৈছিল যে – সেইখন গাঁৱক উন্নত বুলি মানি লোৱা হ’ব , য’ত প্ৰতিটো জৰুৰী কামৰ বাবে প্ৰত্যেক প্ৰকাৰৰ গ্ৰাম উদ্যেগ থাকিব, য’ত নিৰক্ষৰ লোক নাথাকিব , য’ত ৰাস্তা সদায় চাফা হৈ থাকিব, য’ত শৌচ কৰিবৰ বাবে নিৰ্ধাৰিত স্থান থাকিব আৰু য’ৰ কুৱাঁবোৰ চফা হ’ব।” গান্ধীৰ নেতৃত্বত স্বচ্ছতাৰ আৰু স্বাধীনতা সংগ্ৰাম একেলগে চলিছিল। শৌচালয়য়ৰ চাফাই আৰু স্বচ্ছতাৰ কাৰ্য্যত সত্যাগ্ৰহী সকলে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছিল। প্ৰতিখন জনসভা গাঁৱৰ চাফাই কাৰ্যসূচীৰে আৰম্ভ কৰিছিল। অসংখ্য স্থানত গান্ধীজীৰ আহবনিক স্বীকাৰ কৰি চাফাই অভিযান আৰম্ভ কৰিছিল। কিন্তু স্বাধীনতা সংগ্ৰামৰ সময়তে গান্ধীজীৰ স্বচ্ছতাৰ ধাৰণা বিকাশ কৰিছিল। যদিও বৰ্তমান সময়ত স্বচ্ছতাৰ দিশত আমি সম্পূৰ্ণ সফল হৈছোঁ বুলি ক’ব নোৱাৰোঁ। বৰ্তমান ৰে’ল ষ্টেচন, বাছ আস্থান, বজাৰ আদি লেতেৰা হৈ থকা দেখা যায়। আটাইতকৈ চিন্তনীয় বিষয় এইটো যে বৰ্তমান মন্দিৰ সমুহ অত্যধিক লেতেৰা হৈ পৰিছে।যি মন্দিৰলৈ আমি মনৰ পবিত্ৰতাৰ বাবে যাওঁ সেই মন্দিৰৰ পিছফালেই ওলোটা এখন ছবি পৰিলক্ষিত হৈছে।
বৰ্তমান সময়ত বায়ু, পানী, মাটি সকলোৰে প্ৰদূষিত হৈছে। যাৰ বাবে গোলকীয় উষ্ণতাৰ দৰে সমস্যা হৈছে আৰু জনসাধাৰণৰ বিভিন্ন স্বাস্থ্যজনিত ৰোগত ভুগিছে।
উপৰোক্ত সমস্যা সমুহৰ সমাধান কৰিবলৈ হ’লে স্বচ্ছতাক আকোঁৱালি ল’ব লাগিব। আৰু গান্ধীজীৰ স্বচ্ছতাৰ ধাৰণাক সম্মান জনাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২ অক্টোবৰ দিনা “স্বচ্ছ ভাৰত অভিযান” ৰ ঘোষণা কৰে। যি গান্ধীজীৰ স্বচ্ছতাৰ জৰিয়তে ভাৰতীয় সভ্যতাৰ গঠনৰ সপোনক বাস্তব ৰূপ দিবলৈ সক্ষম হৈছে। আৰু গান্ধীজীৰ ২০১৯ বৰ্ষৰ ১৫০ সংখ্যাক জন্ম জয়ন্তী পৰ্যন্ত এখন ‘স্বচ্ছ ভাৰত ‘ গঠনৰ লক্ষ্যৰে এই ‘স্বচ্ছ ভাৰত অভিযান’ আৰম্ভ হৈছে। গান্ধীজীৰ
স্বচ্ছ ভাৰতৰ সপোনক সফল কৰিবলৈ আমি সকলোৱে এই অভিযানৰ সহযোগিতা কৰিব লাগিব। স্বচ্ছতা সম্পৰ্কে জনসাধাৰণৰ মাজত বৃদ্ধি কৰিব লাগিব।

ৰাজা তাঁতী
সম্মাসিক – পঞ্চম সম্মাসিক
বিভাগ – সমাজতত্ত্ব
বিদ্যালয় – মৰঙি মহাবিদ্যালয়
জয়তু মৰঙি মহাবিদ্যালয়
‌‌জয়তু মৰঙিয়ান

পঞ্চায়ত নিৰ্বাচনৰ তাৰিখক লৈ ডাঙৰ ঘোষণা মন্ত্ৰী ৰঞ্জিত দাসৰ

0

◆পঞ্চায়ত নিৰ্বাচনৰ তাৰিখক লৈ ডাঙৰ ঘোষণা মন্ত্ৰী ৰঞ্জিত দাসৰ
◆পঞ্চায়ত নির্বাচনক লৈ সম্পূৰ্ণৰূপে সাজু ৰাজ্য চৰকাৰ
◆১০-১৫ ফেব্ৰুৱাৰীৰ পূৰ্বে অনুষ্ঠিত হ’ব ৰাজ্যত পঞ্চায়ত নির্বাচন
◆উচ্চ ন্যায়ালয়ে অনুমতি দিয়াৰ লগে লগে অনুষ্ঠিত হ’ব নির্বাচন
◆পঞ্চায়ত নির্বাচনক লৈ আহিল কেইবাটাও নিয়ম◆নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ প্ৰাৰ্থীৰ প্ৰয়োজন হ’ব যোগ্যতা
◆জানুৱাৰীৰ প্ৰথম সপ্তাহতে ঘোষণা হ’ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা
[◆পূর্বতকৈ সুকীয়া হ’ব এইবাৰৰ পঞ্চায়ত নির্বাচন
◆১২বিধকৈ নথি জমা দিব
লাগিব প্রতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীয়ে◆প্রার্থীয়ে মনোনয়ন পত্ৰৰ লগত জমা দিব লাগিব শিক্ষাগত অর্হতা সন্দৰ্ভত শপতনামা

এনআৰএলৰ কৃষ্টিৰ শিৰত টেনিছৰ আন এক খিতাপ৷

0

: এই মাহৰে প্ৰথমাৰ্দ্ধত অয়ল সদৌ অসম জুনিয়ৰ ৰেংকিং টেনিছ প্ৰতিযোগিতাৰ অনুৰ্দ্ধ ১২ একক ছোৱালীৰ শাখাত চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰা কৃষ্টি হালৈয়ে মাহটোৰ দ্বিতীয়াৰ্দ্ধত আন এক খিতাপ লাভ কৰি গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে৷ উত্তৰ পূৱ টেনিছ ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটীত ১৯ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা সদৌ অসম জুনিয়ৰ ৰাজ্যিক ৰেংকিং টেনিছ প্ৰতিযোগিতাৰ ১২ বছৰ অনুৰ্দ্ধ ছোৱালীৰ শাখাত চূড়ান্ত বিজয়ী হৈ কৃষ্টিয়ে তেওঁ ক্ৰীড়া শৈলীৰ ধাৰাবাহিক উন্নত প্ৰদশৰ্নৰে প্ৰশিক্ষক আৰু ক্ৰীড়াপ্ৰেমী হৃদয় জয় কৰিবলৈ সক্ষম হয়৷ উল্লেখ কৰিব পাৰি যে নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মুখ্য প্ৰৱন্ধকৰ কন্যা ১১ বছৰীয়া কৃষ্টিয়ে এই মাহৰ আৰম্ভণিতে দুলীয়াজানত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ ১৪ বছৰ অনুৰ্দ্ধ ছোৱালীৰ একক শাখাতো অংশ লৈ ৰানাৰ্ছ আপ খিতাপ জয় কৰি সকলোকে আচৰিত কৰি তুলিছিল৷ কৃষ্টি হালৈৰ সাফল্যই বছৰৰ অন্তিম ক্ষণত আকৌ এবাৰ গোলাঘাটবাসীক গৌৰৱৰ মুহূৰ্ত উপহাৰ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰি মৰঙি প্ৰেছ ক্লাৱে অভিনন্দন জনাইছে৷