Tuesday, July 29, 2025
spot_img
Homeজীৱনশৈলীচাহ বাগিচা চিকিৎসালয় সমূহ আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নটিকৰণ

চাহ বাগিচা চিকিৎসালয় সমূহ আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নটিকৰণ

গোলাঘাটৰ পাঁচখন চাহ বাগিচা চিকিৎসালয় আয়ুষ্মান আৰোগ্য মন্দিৰলৈ ৰূপান্তৰ গোলাঘাট অসমৰ চাহ বাগিচা সমূহত চিকিৎসা সেৱা ব্যবস্থা অধিক বলবস্ত কৰাৰ উদ্দেশ্যেৰে অসম চৰকাৰৰ অন্যতম পদক্ষেপ হিচাপে আজি ইংৰাজী ২২ জানুৱাৰী, ২০২৫ তাৰিখে ৰাজ্যখনৰ ৩৫৪খন চাহ বাগিচা চিকিৎসালয়ৰ লগত MoU (বুজাবুজিৰ স্মাৰকপত্ৰ) স্বাক্ষৰ কৰা হয়।

এই এম.ও.ইউ’ ৰ জৰিয়তে বৰ্তমানৰ চাহ বাগিচা চিকিৎসালয় সমূহ আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নত কৰা হ’ব। আয়ুষ্মান আৰোগ্য মন্দিৰলৈ ৰূপান্তৰিত হোৱাৰ বাবে এই স্বাস্থ্য কেন্দ্ৰ সমূহত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত সামূহিক স্বাস্থ্য বিষয়া নিযুক্ত কৰাৰ কাৰ্য সম্পন্ন হব আৰু চাহ বাগানৰ ৰাইজক স্বাস্থ্য সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰখন বহল হৈ পৰিব। প্ৰসূতি – মাতৃ আৰু শিশু স্বাস্থ্য,পৰিয়াল পৰিকল্পনা, প্ৰতিষেধক প্ৰদান, বয়োজ্যেষ্ঠ জনৰ স্বাস্থ্য সেৱা, শয্যাগত ৰোগী সকলৰ চিকিৎসা আৰু পৰিচৰ্যা, কিশোৰ – কিশোৰীৰ স্বাস্থ্যৰ যত্ন, সংক্রামক আৰু অসংক্রামক ৰোগ প্ৰতিৰোধ, বিভিন্ন ৰোগ আৰু স্বাস্থ্যৰ কল্যাণমূলক সজাগতা কাৰ্যসূচী আদিৰ সুবিধা প্ৰদান কৰা হ’ব।

আজিৰ কাৰ্যক্ৰমৰ ৰাজ্যিক ভিত্তিত মুকলি অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মাননীয় স্বাস্থ্য মন্ত্ৰী শ্ৰীযুত অশোক সিংহল, শ্ৰমিক কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ৰূপেশ গোৱালা, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পিয়ুষ হাজৰিকা, বিভিন্ন জিলাৰ পৰা অনুষ্ঠানত অংশগ্ৰহণ কৰা বহুকেইজন বিধায়ক, স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব ডা: পি. অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ পৰিচালক ডা: এছ. লক্সমনন, চাহ বাগিচা অঞ্চলৰ বিভিন্ন সংস্থাৰ সদস্য সকল তথা স্বাস্থ্য বিভাগৰ বিষয়া -কৰ্মচাৰি আদি উপস্থিত থাকে।

গোলাঘাট জিলাত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কাৰ্যক্ৰম ভিদিও কনফাৰেন্সৰ দ্বাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত দুপৰীয়া ২ বজাৰ পৰা কাজিৰঙা লোক সভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্ত শ্ৰীযুত পুলক মহন্ত, অতিৰিক্ত আয়ুক্ত (স্বাস্থ্য বিভাগ) শ্ৰী জেমছ আইণ্ড, সহকাৰী শ্ৰমিক আয়ুক্ত শ্ৰীমতী তিলোত্তমা দেউৰী,
যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: ৰণজিত ভূঞা, জিলা সমাজ কল্যাণ বিষয়া শ্ৰীযুত দূদু দত্ত, অসম চাহ মজদুৰ সংঘৰ সভাপতি শ্ৰীযুত ঘনশ্যাম বাঢ়ৈ , চাহ বাগান সংস্থা (NETA)ৰ শ্ৰীমতী মণীষা শৰ্মা, চুক্তিবদ্ধ হোৱা গোলাঘাট জিলাৰ পাঁচখন চাহ বাগান- ৰঙাজান, ঊষা, জামুগুৰি, লেতেকুজান, দৈয়াং বাগানৰ কাৰ্য্যনিৰ্ব্বাহক, মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাটৰ খণ্ড আৰু জিলা পৰ্যায়ৰ বিষয়া সকল আদি উপস্থিত থাকে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments