Saturday, November 7, 2026
spot_img
Homeজীৱনশৈলীমূলসুঁতিৰ ভাৰতীয়ৰ উপেক্ষিত স্বাধীনতা যুঁজাৰু বীৰচা মুণ্ডা, কোন এই বীৰচা*

মূলসুঁতিৰ ভাৰতীয়ৰ উপেক্ষিত স্বাধীনতা যুঁজাৰু বীৰচা মুণ্ডা, কোন এই বীৰচা*

সংঘ পৰিবাৰ আৰু বিজেপিৰ সমৰ্থকে দেশৰ স্বাধীনতাকলৈ দুটা নেৰেটিভ সৃষ্টি কৰিছে। এটা ২০১৪ চনতহে ভাৰত স্বাধীন হৈছে আনটো হৈছে ৯৯ বছৰৰ বাবে ভাৰতক ব্ৰিটিছে লিজত দিছে।
২০১৪ চনৰ পৰা এনে নেৰেটিভ ভাৰতত অতি সুলভ হৈ আহিছে। এনে এক শ্বাসৰুদ্ধকৰ পৰিৱেশতে আমি আজি এগৰাকী স্বাধীনতা সেনানিৰ কথা আপোনালোকৰ ওচৰলৈ লৈ আহিছো। যিগৰাকী বীৰ যোদ্ধাক এতিয়াও ভাৰতীয় মূলসুঁতি স্বাধীনতা সেনানি বুলি স্বীকাৰ কৰিবলৈ ভাৰতীয় সমাজ সাজু হ’ব পৰা নাই। তেওঁ হ’ল বীৰচা মুণ্ডা।

উল্লেখ্য যে ১৯৫৭ চনৰ চিপাহী বিদ্ৰোহক ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম যুদ্ধ বুলি আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰা হৈছে।

কিন্তু এই সংগ্ৰামৰ বহু পূৰ্বেই ভাৰতত আদিবাসী অৰ্থাৎ জনজাতীয় বিদ্ৰোহীসকলে আৰম্ভ কৰিছিল। এই বিদ্ৰোহ আৰম্ভ কৰিছিল তেতিয়াৰ বেংগল প্ৰভিন্স তথা বৰ্তমানৰ পশ্চিমবংগ, ঝাড়খণ্ড, ছট্টিশগড়, ওড়িশা মহাৰাষ্ট্ৰ আদিৰ সীমান্ত অঞ্চলৰ জনজাতীয় আদিবাসীসকলে।

১৭৬৯ চনতে ৰঘুনাথ মাহাটোৰ নেতৃত্বত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে জনজাতীয় মানুহে আৰম্ভ মুক্তি সংগ্ৰাম। আনহাতে ১৭৪৮ চনত আদিবাসী চাওতাল তিলকা মাঝিয়ে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। এই বিদ্ৰোহেই হৈছে ব্ৰিটিছৰ বিৰুদ্ধ হোৱা প্ৰথম সশস্ত্ৰ বিদ্ৰোহ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments