ধলাগুৰী বাগিচা গাওঁৰক্ষী বাহিনীৰ উদ্যোগতমাদক দ্ৰব্য,বাল্য-বিবাহ, হাতী-মানুহৰ সংঘাত নিৰাময় সন্দৰ্ভত সজাগতা সভা

0
68

মৰঙি ৰাজহচক্ৰৰ অধীনৰ ধলাগুৰী চাহ বাগিচা গাওঁৰক্ষী বাহিনীৰ উদ্যোগত ধলাগুৰী ৰাজহুৱা খেল পথাৰত আজি এক ৰাজহুৱা সজাগতা সভা অনুষ্ঠিত হয়৷ বিশেষকৈ অনান্য অঞ্চলৰ লগতে মৰঙিৰ বাগিচা সমুহত বৃদ্ধি পোৱা বাল্য বিবাহ, মাদক দ্ৰব্য আৰু হাতী – মানুহৰ সংঘাত নিৰ্মূলৰ বাবে এই সজাগতা সভা অনুষ্ঠিত কৰে ধলাগুৰী চাহ বাগিচাৰ গাওঁৰক্ষী বাহিনীৰ আতিথ্যত নুমলীগড় থানা সমিতি, নুমলীগড় আৰক্ষী আৰু বকিয়াল খণ্ড বন বিভাগে৷ নুমলীগড় থানা সমিতিৰ সভাপতি যোগেন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে ধলাগুৰী বাগিচা গাওঁৰক্ষী বাহিনীৰ সম্পাদক ফিৰণ মাহিলীয়ে ৷ সভাত বাল্য বিবাহ আৰু মাদক দ্ৰব্যৰ কু প্ৰভাব আৰু ভাৰতীয় ন্যায় সংহিতা অবমাননাৰ বাবে হব লগা শাস্তিৰ বিশদভাবে ৰাইজক অবগত কৰে নুমলীগড় আৰক্ষী থানাৰ বিষয়া নৰেন চেতীয়াই৷ আনহাতে হাতী- মানুহৰ সংঘাত উপশম আৰু সহাৱস্থানৰ জৰিয়তে হাতী – মানুহৰ সংঘাত কিদৰে ৰোধ কৰিব পৰা হব এই সন্দৰ্ভত বিস্তৃত বিবৰণ দাঙি ধৰি বকিয়াল খণ্ড বন বিভাগৰ সহকাৰী খণ্ড বন বিষয়া প্ৰকাশ দাসে বক্তব্য ৰাখে৷ সভাত ভাৰতীয় চাহ মজদুৰ সংঘৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক মুকেশ জাল, শিক্ষক জিতেন কুমাৰ হাজৰিকাই কেউটা বিষয় সামৰি সমস্যা সমুহ নিৰাময় সন্দৰ্ভত বক্তব্য ৰাখে৷ সভাত ধলাগুৰী চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ লগতে স্থানীয় বহুজন লোক উপস্থিত থাকে ## Marangi live অসম ##

LEAVE A REPLY

Please enter your comment!
Please enter your name here