নুমলীগড় বাগিছাৰ বৰলাইনৰ দৃশ্য এয়া । বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই অঞ্চলটোত কেইবাটাও লোকৰ বাসগৃহ ক্ষতি কৰে । ইয়াৰ লগতে পল্লবী বাউৰী নামৰ এজন লোকৰ ঘৰ সম্পূৰ্ণ ৰূপে ভাঙি তহিলং কৰে হাতীয়ে । কোনো মতে ঘৰত শুই থকা মাক আৰু ২ জীয়েকে নিজৰ প্ৰাণ ৰক্ষা কৰি পলাবলৈ সক্ষম হয় পৰিয়ালটোৰ।
উল্লেযোগ্য যে যোৱা কিছুদিন ধৰি বৃহৎ হাতীৰ জাকে কেইবাটাও ভাগত বিভক্ত হৈ নুমলীগড়ৰ বিভিন্ন স্থানত বিচৰন কৰি ৰাইজৰ ক্ষতি কৰি আহিছে।