Tuesday, July 29, 2025
spot_img
Homeজীৱনশৈলীনুমলীগড় শোধনাগাৰ আৰু হৰে কৃষ্ণ মুভমেণ্টৰ সহযোগত ১৬৮৩ জন ৰোগীক খাদ্যৰ টোপোলা...

নুমলীগড় শোধনাগাৰ আৰু হৰে কৃষ্ণ মুভমেণ্টৰ সহযোগত ১৬৮৩ জন ৰোগীক খাদ্যৰ টোপোলা যোগান*

আজি ইংৰাজী ২৭ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে গোলাঘাটৰ স্বাস্থ্য বিভাগে জিলা খনৰ মুঠ ১৬৮৩ জন যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণৰ কাৰ্যক্ৰম অনুষ্ঠিত কৰে।

নুমলীগড় শোধনাগাৰৰ পৃষ্টপোষকতাত আৰু হৰে কৃষ্ণ মুভমেণ্টৰ সৌজন্যত আজিৰ এই কাৰ্যসূচী অনুষ্ঠিত হয়। গোলাঘাট স্বাস্থ্য বিভাগৰ ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ কোষে নুমলীগড় শোধনাগাৰক আবেদন জনাই প্ৰতিষ্ঠানটোৰ চি.এছ.আৰ (CSR- Corporate Social Responsibility) কাৰ্যসূচীৰ অধীনত এই খাদ্যৰ টোপোলা বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰে। আজিৰ অনুষ্ঠানত যক্ষ্মা ৰোগী সকলক পুষ্টিকৰ খাদ্য বিতৰণৰ উপৰি নিক্ষয় মিত্ৰ সকলক সম্বৰ্ধনা পত্ৰ আগবঢ়োৱা হয়।

ভাৰত চৰকাৰে যক্ষ্মামুক্ত ভাৰত কাৰ্যক্ৰমৰ অধীনত সমগ্ৰ দেশতে বহুখিনি কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰত বৰ্শক ২০২৫ চনৰ ভিতৰত যুক্ষ্মামুক্ত কৰাৰ সংকল্প গ্ৰহণ কৰিছে। উল্লেখনীয় যে ঔষধৰ লগতে পুষ্টিকৰ খাদ্য সেৱন কৰাটো এই ৰোগত অতিকৈ গুৰুত্বপূৰ্ণ যিহেতু শৰীৰত পৰ্যাপ্ত পুষ্টিৰ মাত্ৰা থাকিলেহে ৰোগীয়ে এই ৰোগক পৰাস্ত কৰিব পাৰে। শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ বাবে পৰ্যাপ্ত পুষ্টি লাভ কৰিলেহে টি.বি অথবা যক্ষ্মা ৰোগৰ পৰা সোনকালে পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা থাকে। কিন্তু আৰ্থিক ভাবে দুৰ্বল ৰোগী সকলে পুষ্টিকৰ খাদ্যৰ অভাৱত এই ৰোগত বহু দিনলৈ ভুগি থাকি অৱশেষত মৃত্যুৰ মুখত পৰে। চৰকাৰী চিকিৎসালয়ত উপলব্ধ ঔষধ বিনামূলীয়া যদিও আৰ্থিক ভাবে দুৰ্বল পৰিয়াল এটায়ে পুষ্টিকৰ খাদ্য যোগাৰ কৰাৰ প্ৰচেষ্টাত অসফল হয় আৰু উপাইবিহিন হৈ ভাগি পৰে। তেনে স্থলত এজন ব্যক্তি অথবা অনুষ্ঠান/ প্ৰতিষ্ঠানে ‘নিক্ষয় মিত্ৰ’ হিচাপে পুষ্টিকৰ খাদ্য সামগ্ৰীৰে পৰিপূৰ্ণ খাদ্যৰ টোপোলা আগবঢ়াই যক্ষ্মাৰ বিৰুদ্ধে যুঁজ খনৰ অংশীদাৰ হৈ মানৱ সেৱাৰ এক উদাহৰণ দাঙি ধৰিব পাৰে।
এজন নিক্ষয় মিত্ৰই ৬ মাহলৈ এজন যক্ষ্মা ৰোগীৰ বাবে প্ৰত্যেক মাহত ১০০০/- টকা মূল্যৰ পুষ্টিকৰ খাদ্যৰ আগবঢ়াব পাৰিব।

আজিৰ অনুষ্ঠানত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত শ্ৰীযুত জেমছ আইণ্ড, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, ডা: ৰণজিত ভূঞা, মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া, ডা: ভাৰত ফুকন, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া, ডা: ৰঞ্জিত হাজৰিকা, হৰে কৃষ্ণ মুভমেণ্টৰ মাতাজী নৱনিতা বৰুৱা, জিলা যক্ষ্মা বিষয়া, ডা: উৎপল বৰুৱা, চাৰিঙীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ডা: দিলীপ ৰাজবংশী, জিলা অসামৰিক চিকিৎসালয়ৰ ডা: ৰবীন তামূলী, সমাজ

কল্যাণৰ লগত জৰিত বেচৰকাৰী সংস্থা সমূহ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট গোটৰ বিষয়া সকল, টি বি বিভাগৰ বিষয়া – কৰ্মচাৰী, আশা কৰ্মী ইত্যাদি উপস্থিত থাকে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments