মৰঙি ডিজিটেল সংবাদ ১৮ ফেব্ৰুৱাৰী : মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ উদাৰ মানৱতাবাদী আধ্যাত্মিক দর্শনৰ ভেটিত প্রতিষ্ঠিত ভাৰতবৰ্ষৰ ধর্ম-সাহিত্য-সংস্কৃতিৰ সুবৃহৎ গণতান্ত্রিক অনুষ্ঠান শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ ২৭ টা জাতি-জনগোষ্ঠীৰ লোকেৰে সংপৃক্ত হৈ গুৰুজনাৰ আদর্শেৰে উচ্চ-নীচহীন, জাতি-ভেদহীন সুন্দৰ সমাজ গঠন কৰি অসমৰ জাতীয় জীৱন উজ্জীৱিত কৰি ৰাখি বিশ্বসমাদৃত জাতীয় অনুষ্ঠানলৈ পর্যবসিত হৈছে। যোৱা ১৭ ফেব্ৰুৱাৰীত সোণাৰিত টাই আহোম যুৱ পৰিষদ অসম বা চমুকৈ টাইপাৰ কেইজনমান কর্মকর্তাই সংগঠনটোৰ বেনাৰত প্ৰতিবাদৰ নামত শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ প্রতীকচিহ্ন আৰু সংবিধানৰ
প্রতিলিপি দাহ কৰাত ক্ষুণ্ণ হৈ পৰিছে সংঘ। তাৰ প্ৰতিক্ৰিয়া হিচাপে আজি তেওঁলোকৰ বিৰুদ্ধে সমগ্ৰ অসমতে থানাই থানাই গোচৰ ৰুজু কৰিছে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ তৰফৰ পৰা। তাৰ সমান্তৰালকৈ মৰঙি মৌজাৰ নুমলীগড় গ্ৰাম্য আৰক্ষী থানা আৰু বগীজান আৰক্ষী থানাতো সংঘৰ মৰঙি আঞ্চলিকে এজাহাৰ দাখিল কৰে।
উল্লেখ্য যে যোৱা ৩১ জানুৱাৰীৰ মে-ডাম মেফিৰ মাংগলিক অনুষ্ঠানত শঙ্কৰদেৱ সংঘৰ এজন সদস্যই অংশগ্ৰহণ কৰা বাবেই এই বিতৰ্কৰ সৃষ্টি হৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত গোটেই অসমতে সৃষ্টি হোৱা প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷