মৰঙিৰ “পংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমীপৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত” নিশা ভয়ংকৰ পথ দুৰ্ঘটনা৷ থিতাতে এজনৰ মৃত্যু, আহত এজন।

0
62

নুমলীগড় গ্ৰাম্য আৰক্ষী থানাৰ অধীনৰ “পংকা সপ্তশ্বহীদ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সমীপৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত” এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এখন যাত্ৰীবাহী বাচ আৰু বিপৰীত দিশৰ পৰা অহা AS-05V-1563 নম্বৰৰ TVS মপেদ বাইক আৰু AS-05-C-4598 বাচৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত মপেদ আৰোহীজনৰ থিতাতে মৃত্যু হয়৷ আনহাতে ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত হৈ আনজন আহত মপেদ আৰোহীক সংকটজনক অবস্থাত বিবেকানন্দ কেন্দ্ৰ এন আৰ এল চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে যাত্ৰীবাহী বাচখন জব্দ কৰে৷ ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যবস্থা কৰিছে আৰক্ষীয়ে ৷ মৃত আৰু আহত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই

LEAVE A REPLY

Please enter your comment!
Please enter your name here