Tuesday, July 29, 2025
spot_img
Homeসাহিত্যগল্পমৰঙিৰ পুণেশ্বৰ দত্ত ওজালৈ শিল্পী পেন্সন ঘোষণা ৰাজ্য চৰকাৰৰ

মৰঙিৰ পুণেশ্বৰ দত্ত ওজালৈ শিল্পী পেন্সন ঘোষণা ৰাজ্য চৰকাৰৰ

গোলাঘাট জিলাৰ মৰঙি মৌজাৰ অন্তৰ্গত কৰাদৈগুৰি গাঁৱৰ নিবাসী প্ৰবীন সাংস্কৃতিক কৰ্মী তথা প্ৰখ্যাত ঢুলীয়া শিল্পী পুণ্যেশ্বৰ দত্ত ওজালৈ ২০২৪ বৰ্ষত ৰাজ্য চৰকাৰে ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য্য প্ৰদান কৰিছিল । এগৰাকী একনিষ্ঠ সাংস্কৃতিক কৰ্মী ৰূপে অৱতীৰ্ণ হৈ অঞ্চলটোৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সমাদৰ লাভ কৰিছিল ৷ তেখেতে বিশেষভাবে গোৰ্খা, আদিবাসী আৰু ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ কণ কণ শিশুসকলক বিনা বেতনে ঢোল বাদ্যৰ প্ৰশিক্ষণো দি আহিছে ৷ তেখেতে ঢোলবাদ্য, নাগাৰা, পেপা, বাঁহী, টোকাৰী আদি সকলো বাদ্য পৰিবেশন কৰাৰ ওপৰিও নামাচাৰ্য্য, পাঠক, ভাগৱত আচাৰ্য, ভাওনা পৰিচালক, গায়ন বায়ন আদি গুণৰো অধিকাৰী । সৰ্বগুণাকৰ শিল্পীগৰাকীক নিয়মীয়া শিল্পীপেন্সন প্ৰদানৰ কথা আজি ঘোষণা কৰাত মৰঙিৰ ৰাইজে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে । এই ক্ষেত্ৰত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনকো ৰাইজে শলাগ লয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments