Tuesday, July 29, 2025
spot_img
Homeজীৱনশৈলীমৰঙি প্ৰেছ ক্লাৱৰ সাংবাদিকতাৰ কৰ্মশালাৰ সামৰণি৷ প্ৰেছ ক্লাৱৰ প্ৰাক্তন সম্পাদক প্ৰিয়ংদ্বীপ কাকতিলৈ...

মৰঙি প্ৰেছ ক্লাৱৰ সাংবাদিকতাৰ কৰ্মশালাৰ সামৰণি৷ প্ৰেছ ক্লাৱৰ প্ৰাক্তন সম্পাদক প্ৰিয়ংদ্বীপ কাকতিলৈ বিদায় সম্বৰ্দ্ধনা৷

ডিজিটেল সংবাদ, ১৯ ফেব্ৰুৱাৰী : মৰঙি প্ৰেছ ক্লাৱৰ উদ্যোগত , সামাজিক উন্নয়ন ফ’ৰাম আৰু মৰঙি মহাবিদ্যালয়ৰ সহযোগত মৰঙি মহাবিদ্যালয়ত যোৱা ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা ছপা আৰু বৈদ্যুতিন মাধ্যমৰ দুদিনীয়া সাংবাদিকতাৰ কৰ্মশালা অনুষ্ঠিত হয়৷ অৰ্ধশতাধিক ছাত্ৰ – ছাত্ৰীৰ অংশগ্ৰহণৰে অনুষ্ঠিত কৰ্মশালাত আমাৰ অসম কাকতৰ উপ – সম্পাদক তথা স্বদেশ পটভূমিৰ মুখ্য সম্পাদক ৰবীন ভূঞাই সমল ব্যক্তি হিচাপে উপস্থিত থাকি ছপা মাধ্যমৰ সাংবাদিকতা, লিখন শৈলীৰ ওপৰত বস্তুনিষ্ঠ প্ৰশিক্ষণ প্ৰদান কৰে৷ আনহাতে ১৮ ফেব্ৰুৱাৰীত প্ৰতিদিন টাইমৰ জ্যেষ্ঠ

সাংবাদিক জিতুল দত্তই বৈদ্যুতিন মাধ্যমৰ সাংবাদিকতাৰ সম্পৰ্কত বস্তুনিষ্ঠ প্ৰশিক্ষণ প্ৰদান কৰি শিক্ষাৰ্থী সকলক সাংবাদিকতাৰ প্ৰত্যাহ্বানমুলক বৃত্তিৰ সম্পৰ্কত বহুল বাখ্যা দাঙি ধৰি প্ৰশিক্ষণ প্ৰদান কৰে৷ কালি কৰ্মশালাৰ অন্তত আজি মৰঙি মহাবিদ্যালয়ত সাংবাদিকতা কৰ্মশালাৰ সামৰণি আৰু মৰঙি প্ৰেছ ক্লাৱৰ প্ৰাক্তন সম্পাদক প্ৰিয়ংদ্বীপ কাকতিলৈ বিদায় সম্বৰ্দ্ধনা উপলক্ষে এক সভাৰ আয়োজন কৰা হয়৷ মৰঙি মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰ্মশালাৰ সামৰণি তথা বিদায় সভাখনত আদৰণি ভাষণ আগবঢ়ায় মৰঙি প্ৰেছ ক্লাৱৰ সভাপতি হেমন্ত শইকীয়াই৷ শইকীয়াই ১৯৯৭ চনৰে পৰা সাংবাদিকতাৰ ক্ষেত্ৰখনত প্ৰিয়ংদ্বীপ কাকতিৰ সৈতে একেলগে সেৱা আগবঢ়াই অহা দিনবোৰৰ কথা সোঁৱৰি আৱেগিক হৈ উঠে৷ সাংবাদিকতাৰ কৰ্মশালাৰ সামৰণি আৰু প্ৰিয়ংদ্বীপ কাকতিৰ বিদায়

সম্বৰ্দ্ধনা অনুষ্ঠানটিৰ উদ্বোধন কৰে মৰঙি মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মামনি মহন্তই৷ সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি চৰকাৰী আদৰ্শ মহাবিদ্যালয়, দেইথৰৰ অধ্যক্ষ ড° দীপক বৰাই কয় যে সাংবাদিকতাৰ ক্ষেত্ৰখনত নিৰপেক্ষতাৰ কথাটো প্ৰায় অমূলক৷ সংবাদদাতাসকলৰ সত্যৰ পক্ষত অৱস্থান কৰা উচিত৷ ড° বৰাই বিদায়ী সাংবাদিক প্ৰিয়ংদ্বীপ কাকতিৰ সমাজ জীৱনতো আলোকপাত কৰি কয় যে কাকতিৰ দৰে নান্দনিক মননৰ ব্যক্তিজনৰ প্ৰচেষ্টাতে মৰঙি প্ৰেছ ক্লাৱে এক নতুন বাটেৰে বাট বুলিবলৈ সক্ষম হৈছে৷ মৰঙি প্ৰেছ ক্লাৱে এজন সতীৰ্থক বিদায় দিবলৈ যি আয়োজন কৰিছে, তাৰ শলাগ লৈ আপকুৰ কেন্দ্ৰীয় সম্পাদক প্ৰণৱ চক্ৰৱৰ্তীয়ে কয় যে প্ৰিয়ংদ্বীপ কাকতিয়ে সাংবাদিকতাৰ জড়িয়তেই মৰঙিৰ লগতে গোটেই জিলাখনৰ সমাজ জীৱনকে এক নান্দনিক দিশ দেখুৱাবলৈ সক্ষম হৈছিল৷

চক্ৰৱৰ্তীয়ে লগতে অসমৰ সংবাদকৰ্মীসকলৰ সংগ্ৰামৰ বিষয়েও উল্লেখ কৰি কয় যে অতি দ্ৰুত সেৱা হিচাপে চিহ্নিত ১০৮ মৃত্যুঞ্জয়ৰ বাহন ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই ঘটনাস্থলীত সংবাদকৰ্মীসকল উপস্থিত হ’বগৈ লাগে৷ কিন্তু অসমত সাংবাদিকৰ পাৰিশ্ৰমিক একেবাৰে নগণ্য৷ সংবাদকৰ্মীসকলৰ পাৰিশ্ৰমিকৰ বিষয়টোত চৰকাৰে সুনিৰ্দিষ্ট নীতি-নিৰ্দেশনা প্ৰস্তুত কৰাটো সময়ৰ আহ্বান বুলি তেওঁ কয়৷ শিক্ষক, সাহিত্যিক জিতেন কুমাৰ হাজৰিকাই কয় যে মানুহৰ বাবে কিবা এটা কৰাৰ সপোনেই প্ৰিয়ংদ্বীপ কাকতিক বিশেষ কৰি গঢ়িছে৷ পৰিশীলিত আৰু শৈল্পীক জীৱনৰ উৎকৃষ্ট নিদৰ্শন প্ৰিয়ংদ্বীপ কাকতি৷ মানুহ আৰু সমাজেই তেওঁক সাংবাদিকতাৰ ক্ষেত্ৰখনৰ পৰা আন এখন জটিল ক্ষেত্ৰলৈ যাবলৈ প্ৰেৰিত কৰিছে বুলি মন্তব্য কৰে জিতেন কুমাৰ হাজৰিকাই৷ নুমলীগড় শোধনাগাৰৰ মহাপ্ৰবন্ধক মিণ্টু সন্দিকৈয়ে প্ৰিয়ংদ্বীপ কাকতিৰ প্ৰশংসা কৰি কয় যে তথ্য সংগ্ৰহ আৰু সংৰক্ষণত ক্ষেত্ৰত প্ৰিয়ংদ্বীপ কাকতি অনন্য৷ সমাজৰ বাবে এটা অৰ্থনৈতিক মডেলো প্ৰিয়ংদ্বীপে আগবঢ়াই দিবলৈ সক্ষম হৈছে৷ সম্বৰ্দ্ধনাৰ অন্তত নিজা বক্তব্যত মৰঙি প্ৰেছ ক্লাৱৰ প্ৰাক্তন সম্পাদক তথা সমাজকৰ্মী প্ৰিয়ংদ্বীপ কাকতিয়ে সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে যি সময়ত মৰঙিলৈ দৈনিক কাকতেই বিশেষ অহা নাছিল, সেই সময়তে তেওঁ সাংবাদিকতাৰ ক্ষেত্ৰখনত খোজ পেলাইছিল৷ মানুহৰ বাবে কাম কৰিবলৈ যাওঁতে সমালোচনাক নতশিৰে গ্ৰহণ কৰি আপোচবিহীনভাবে নিজৰ বাটত আগবাঢ়ি যাবলৈ শিকিছে বুলিও উল্লেখ কৰে মৰঙি প্ৰেছ ক্লাৱৰ বিদায়ী সম্পাদকজনে৷ তেওঁ কয় যে সাংবাদিকসকলে সদায় সমস্যাসমূহৰ কথাহে ক’ব পাৰে৷ তাৰ সমাধানৰ বাবে যি ৰাজনৈতিক সদ্দিচ্ছাৰ প্ৰয়োজন, তাৰ সন্ধানতে তেওঁ আন এখন ক্ষেত্ৰলৈ যাত্ৰা কৰিছে৷ উল্লেখ কৰিব পাৰি যে প্ৰিয়ংদ্বীপ কাকতিয়ে শেহতীয়াকৈ ৰাজনীতিৰ ক্ষেত্ৰখনত ভৰি থোৱাৰ বাবে সাংবাদিকতাৰ ক্ষেত্ৰৰ পৰা অব্যাহতি লৈছে৷ সাংবাদিকতাৰ কৰ্মশালাত অংশ লোৱা

ছাত্ৰছাত্ৰীসকলকো আজিৰ সভাত বিশেষ প্ৰমাণপত্ৰও প্ৰদান কৰা হয়৷ লেখক, সাংবাদিক, কবি দীপক বৰাই আঁতধৰা সভাৰ সমবেত সংগীত পৰিবেশনৰে সভাৰ শুভাৰম্ভনী কৰে দৈগ্ৰোঙৰ প্ৰগতি মহিলা সমিতিয়ে৷ মৰঙিৰ সকলো ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে বহুকেইজন বিশিষ্ট শিক্ষাবিদ, লেখক, সাহিত্যিক , সমাজকৰ্মীৰ উপস্থিতি আছিল লক্ষণীয়৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments