নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত NRL super 30 ৰ সহযোগত আজি নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত মানসিক স্বাস্থ্যৰ বিকাশ সম্পর্কে এক সজাগতা মূলক মনোগ্রাহী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ছাত্রছাত্রীসকলে আবেগ নিয়ন্ত্রণ কৰি অত্যাধুনিক আহিলাসমূহৰ প্ৰতি আকৰ্ষিত নহৈ কেনেদৰে নিজ লক্ষ্যত উপনীত হ’ব পাৰি এই বিষয়ে অৱগত কৰে। সমল ব্যক্তি ৰূপে তৃষ্ণা গগৈ আৰু ভাস্কৰ গগৈ উপস্থিত থাকে। কঠোৰ অনুশীলনৰ দ্বাৰা সু অভ্যাস গঢ়িবলৈ ছাত্রছাত্রীসকলক অনুপ্ৰাণিত কৰে। মূল্যভিত্তিক শিক্ষাৰে সজ গুণবোৰ আয়ত্ত কৰি গভীৰ আত্মবিশ্বাসী হ’ব লাগিব। বৰ্তমান সময়ৰ প্ৰতিযোগিতামূলক দৌৰত ছাত্রছাত্রীসকলৰ সন্মুখত দেখা দিয়া প্ৰতয়াহ্বানসমূহক আত্মবিশ্বাসেৰে মুখামুখি হৈ আগবাঢ়িবলৈ আহ্বান জনায়। ছাত্রছাত্রীসকলে সততে সন্মুখীন হোৱা সমস্যা সমূহ মুকলিকৈ আলোচনা কৰাৰ এক মঞ্চ লাভ কৰে। অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহেন শইকীয়াই। আজিৰ বিষয়বস্তু আছিল হেবিট মাষ্টাৰী অৰ্থাৎ অভ্যাস নিয়ন্ত্রণ।


