প্ৰতিযোগীতা মূলক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব পাৰিব জাতি, ধৰ্ম, বৰ্ণ, পন্থ ভাষা নিৰ্বিশেষে সকলোলোকে
গোলাঘাটৰ ঢুলীয়া গাওঁ বৰনামঘৰত জাতি, বৰ্ণ, ভাষা, পন্থ নিৰ্বিশেষে আয়োজন কৰা হৈছে-“অবিৰত শ্ৰীমদ্ভাগৱত পাঠ”। এই ভাগৱত পাঠ ১৫ মাৰ্চ, ২০২৫ৰ পৰা ২২ মাৰ্চ, ২০২৫ লৈকে অনুষ্ঠিত হ’ব।
গোলাঘাটৰ এজন বিশিষ্ট উদ্যোগপতি, সমাজসেৱক শ্ৰীযুত সঞ্জীৱ গগৈয়ে স্থানীয় বিভিন্ন ধৰ্মাৱলম্বী ৰাইজৰ সহযোগত এনেদৰে বিগত দহটা বছৰ এই অনুষ্ঠানটি আয়োজন কৰি আহিছে। এই “অবিৰত ভাগৱত পাঠ” অনুষ্ঠানটোৰ অন্ত পৰিব ২২ মাৰ্চত। সামৰণি অনুষ্ঠানৰ সন্ধিয়া সদৌ অসম ভাওনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থানপ্ৰাপ্ত শিশু ভাওনা দল মুকুন্দ মুৰাৰী নাট্যগোষ্ঠী (মৰঙী), গোলাঘাটৰ দ্বাৰা পৰিবেশিত হ’ব নাট -‘ধ্ৰুৱ চৰিত্ৰ’।
ভাগৱত পাঠৰ আৰম্ভণিৰ প্ৰথম দিনা ভাগৱত ভ্ৰমণ ও প্ৰতিযোগীতা মূলক শোভা যাত্ৰাৰ আয়োজন কৰা হৈছে। সেই উপলক্ষে সকলোকে নিমন্ত্ৰণ জনোৱাৰ লগতে প্ৰতিযোগীতা মূলক শোভা যাত্ৰাত জাতি, ধৰ্ম, বৰ্ণ, পন্থ ভাষা নিৰ্বিশেষে সকলো ইচ্ছুক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিব পাৰে। যোগাযোগৰ বাবে – ৭৮৯৬৪৯৬৭৫৫/ ৯৩৬৫৮৪০৩৪৮/ ৬০০১৮৪৫২৯০/ ৭৬৩৮০৫০৭০১ এই নম্বৰত।