Tuesday, July 29, 2025
spot_img
Homeসাহিত্যআজি চলচ্চিত্ৰ দিৱস আইদেউ সন্দিকৈৰ প্ৰতি চুড়ান্ত ভেঙুচালি গোলাঘাট জিলা সাহিত্য সভাৰঃ...

আজি চলচ্চিত্ৰ দিৱস আইদেউ সন্দিকৈৰ প্ৰতি চুড়ান্ত ভেঙুচালি গোলাঘাট জিলা সাহিত্য সভাৰঃ এৰাবাৰীত পৰিণত হ’ল আইদেউ সন্দিকৈ সাংস্কৃতিক সংগ্ৰাহালয়,দীৰ্ঘদিনে লাগি আছে এটা প্ৰকাণ্ড তলা __________________________

আজিৰ দিনতো অসমীয়া বোলছবি জগতৰ বাবে এক সোণালী দিন। জয়মতী কথাছবিয়ে মুক্তি লাভ কৰাৰ যেনেদৰে গৌৰৱোজ্জল ইতিহাস তেনেদৰে জয়মতী ভূমিকাত অভিনয় কৰা প্ৰথম গৰাকী মহিলা অভিনেত্ৰী গোলাঘাট জিলাৰ আইদেউ সন্দিকৈৰ বহু ত্যাগ,কষ্ট,আদৰ্শ জড়িত হৈ আছে। কিন্তু আইদেউ সন্দিকৈৰ দৰে মহিয়সীৰ নাৰীৰ স্মৃতি যুগমীয়া কৰাৰ নামত গোলাঘাট জিলা সাহিত্য সভাই আইদেউ সন্দিকৈকে চৰম ভেঙুচালি কৰাৰ অভিযোগ উঠিছে। ১৯৯৮-৯৯ চনতে গোলাঘাট জিলা সাহিত্য সভাই আইদেউ সন্দিকৈ সাংস্কৃতিক সংগ্ৰাহালয় স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰি

জিলাখনৰ কমাৰগাঁও পানীদিহিঙীয়াত নিৰ্মাণ কৰে ভৱন। এই ভৱনটোৰ নামফলকখনেহে যেন আইদেউ সন্দিকৈৰ স্মৃতি ধৰি ৰাখিছে। এৰাবাৰীত পৰিণত হ’ল আইদেউ সন্দিকৈ সাংস্কৃতিক সংগ্ৰাহালয়। গোলাঘাট জিলা সাহিত্য সভাৰ তত্বাৱধানত থকা ভৱনটোত দীৰ্ঘ দিনে লাগি আছে এটা প্ৰকাণ্ড তলা। যাৰ বাবে ক্ষোভ উজাৰিলে স্থানীয় সচেতন ব্যক্তিয়ে। উল্লেখ্য যে,গোলাঘাট জিলা সাহিত্য সভাৰ বিগত কাৰ্যকালত তফজুল হকে সভাপতিৰ হিচাপে আৰু বন্তি বৰা সম্পাদকৰ পদত থাকি কাৰ্যকাল চলালে । কিন্তু এনে দিশত চুড়ান্ত দায়িত্বজ্ঞানহীনতা আৰু অৰ্কমন্যতাৰ দিশ উন্মোচিত কৰি আইদেউ সন্দিকৈ সাংস্কৃতিক সংগ্ৰাহালয় প্ৰতি যেন উদাসীন মনোভাৱহে পোষণ কৰিলে। আনহাতে গোলাঘাট জিলা সাহিত্য সভাৰ দুটাকৈ কাৰ্যকাল সম্পাদকৰ পদত থকাৰ পাছত বৰ্তমান বন্তি বৰা নামৰ

মহিলা গৰাকীয়ে গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতিৰ দৰে আসন দখল কৰিবলৈও সক্ষম হৈছে যদিও চৰম অদুৰদৰ্শী ভূমিকা, দায়িত্বজ্ঞানহীনতাৰ বাবে অৱহেলিত হৈ পৰি ৰৈছে আইদেউ সন্দিকৈ সাংস্কৃতিক সংগ্ৰাহালয়। আজি গোলাঘাট জিলা সাহিত্য সভাই প্ৰতিষ্ঠা দিৱস আৰু চলচ্চিত্ৰ দিৱস পালন কৰি শিল্পীক

সম্বৰ্দ্ধনা জনাইছে। কিন্তু আইদেউ সন্দিকৈৰ দৰে প্ৰথম গৰাকী অসমীয়া মহিলা অভিনেত্ৰীক উপযুক্ত সন্মান,মৰ্যাদা দিয়াৰ অৱকাশ হ’লেহে এনে চলচ্চিত্ৰ দিৱস পালন কৰাৰ নাইবা শিল্পীক সম্বৰ্দ্ধনা জনোৱাৰ সাৰ্থকতা লাভ কৰিব বুলি ৰাইজে মন্তব্য কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments