Homeজীৱনশৈলীমুখ্যমন্ত্ৰীলৈ দাবী পত্ৰ: বিপিচিএলৰ নিবিদাৰ চৰ্ত বাতিল আৰু এনআৰএলৰ এছঅ’চি তালিকাৰ অনিয়ম...

মুখ্যমন্ত্ৰীলৈ দাবী পত্ৰ: বিপিচিএলৰ নিবিদাৰ চৰ্ত বাতিল আৰু এনআৰএলৰ এছঅ’চি তালিকাৰ অনিয়ম প্ৰতিহত কৰাৰ দাবীত গোলাঘাটত ১০ দল-সংগঠন


ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড (বিপিচিএল)-ৰ থলুৱা নিবনুৱা বিৰোধী চৰ্ত বাতিল কৰা আৰু নুমলীগড় শোধনাগাৰ লিমিটেড (এনআৰএল)-ৰ এছঅ’চি তালিকাৰ অনিয়ম প্ৰতিহত কৰি নতুন প্ৰজন্মৰ নিবনুৱাসকলক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানৰ দাবীৰে গোলাঘাটৰ ১০টা জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে মুখ্যমন্ত্ৰীলৈ জিলা আয়ুক্তৰ যোগেদি এক দাবী পত্ৰ প্ৰেৰণ কৰিছে।
দাবী পত্ৰত উল্লেখ কৰা মতে, শেহতীয়াকৈ বিপিচিএল-য়ে 314খন টেংকাৰৰ বাবে এক নিবিদা মুকলি কৰিছে। নিবিদাৰ চৰ্ত অনুসৰি অসংৰক্ষিত বিভাগৰ প্ৰাৰ্থীয়ে নিজৰ তিনিখন (৩) টেংকাৰ আৰু অনুসূচিত জাতি তথা জনজাতি প্ৰাৰ্থীয়ে এখন (১) টেংকাৰৰ গৰাকী হোৱাটো বাধ্যতামূলক কৰা হৈছে। এই কঠোৰ চৰ্তৰ ফলত বৰ্তমান টেংকাৰ নথকা বা নতুনকৈ স্বাৱলম্বী হ’ব বিচৰা কোনো সাধাৰণ নিবনুৱা যুৱক-যুৱতীয়ে এই নিবিদাত অংশগ্ৰহণ কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। ই কেৱল মুষ্টিমেয় কেইজনমান প্ৰতিষ্ঠিত পুঁজিপতি বা পূৰ্বৰে পৰা টেংকাৰৰ মালিক হৈ থকা লোককহে লাভান্বিত কৰিব, যিটো থলুৱা নিবনুৱাৰ স্বাৰ্থৰ সম্পূৰ্ণ বিৰোধী।
আনহাতে, এনআৰএল-ৰ সামাজিক দায়বদ্ধতাৰ (এছঅ’চি) তালিকাত নাম থকা বহুকেইজন ব্যক্তিয়ে ইতিমধ্যে বিভিন্ন মাৰ্কেটিং কোম্পানীত বহুকেইখন টেংকাৰৰ মালিক হৈ যথেষ্ট আৰ্থিকভাৱে টনকিয়াল হৈ পৰিছে। তথাপিও তেওঁলোকে নিজৰ নাম উক্ত তালিকাৰ পৰা কৰ্তন নকৰাকৈ বা আঁতৰি নাহি নতুন প্ৰজন্মক সুযোগ নিদি পুনৰ বিপিচিএলৰ নিবিদাত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছে। এটা বিশেষ চক্ৰৰ এই ময়মতালি ব্যৱস্থাই ৰাজ্যৰ সাধাৰণ নিবনুৱা যুৱক-যুৱতীসকলক তেওঁলোকৰ ন্যায্য অধিকাৰৰ পৰা বঞ্চিত কৰিছে।
সংগঠনসমূহৰ দাবী:
১। বিপিচিএলৰ নিবিদাত থকা থলুৱা নিবনুৱা বিৰোধী আৰু বৈষম্যমূলক চৰ্তসমূহ শীঘ্ৰে বাতিল কৰাৰ ব্যৱস্থা কৰিব লাগে।
২। এনআৰএলৰ এছঅ’চি তালিকাৰ নিয়ম উলংঘা কৰি সুবিধাভোগী হৈ থকা পুঁজিপতিসকলৰ নাম কৰ্তন কৰি নতুন প্ৰজন্মৰ নিবনুৱা যুৱক-যুৱতীসকললৈ টেংকাৰৰ মালিকীস্বত্ব তথা কৰ্মসংস্থাপনৰ পথ মুকলি কৰি দিয়াৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিব লাগে।
৩। নুমলীগড় শোধনাগাৰত পূৰ্বতে যি এছঅ’চি টেংকাৰ দিয়াৰ ব্যৱস্থা আছিল বৰ্তমানে সেই ব্যৱস্থা বন্ধ কৰি ৰখা হৈছে। সেই ব্যৱস্থা পুনৰ মুকলি কৰি দিবলৈ শোধনাগাৰৰ কৰ্তৃপক্ষক অনুৰোধ জনাব লাগে।
এই ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নহ’লে সংগঠনসমূহে বাধ্য হৈ প্ৰতিটো জাতীয়-জনগোষ্ঠীয় সংগঠনক একত্ৰিত কৰি এক ব্যাপক গণ-আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি দাবী পত্ৰত সকীয়াই দিয়া হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments