Friday, April 25, 2025
spot_img
Homeজীৱনশৈলীখুমটাই আঞ্চলিক চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বিশেষ কাৰ্যসূচী

খুমটাই আঞ্চলিক চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বিশেষ কাৰ্যসূচী

অসমীয়া জাতিটোৰ অবিচ্ছেদ্য অংগ আদিবাসী-চাহ জনগোষ্ঠী ৰাইজৰ মাজত সমগ্ৰ অসমতে সকলোৰে নয়নৰ তৰা হৈ পৰিছে কেন্দ্ৰীয় “চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ” মুখ্য উপদেষ্টা অমিত নাগ। আদিবাসী চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ হকে নিষ্ঠাৰে, সততাৰে, সাহসেৰে বলিষ্ঠ কণ্ঠৰে অবিৰতভাৱে মাত মতা পৰিলক্ষিত হৈ আহিছে!হাজাৰ হাজাৰ আদিবাসী চাহ জনগোষ্ঠীৰ ৰাইজে আদৰি লৈছে অমিত নাগক।সকলোৰে আশা আৰু শেষ তথা জাতিটোৰ শেস ভৰষা অমিত নাগ বুলি বিভিন্ন চাহ বাগিচাৰ শ্ৰমিকৰ মুখে মুখে।আনকি অমিত নাগক প্ৰশংসা কৰিলে তেখেতক এসময়ত পাঠদান কৰা শিক্ষক শ্ৰী যুত পুনা কুৰ্মী ডাঙৰীয়া লগতে প্ৰশংসা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ যোৱা ছাত্ৰ-ছাত্ৰী সকল।

আজি খুমটাই আঞ্চলিক চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে
আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ যোৱা ছাত্ৰ-ছাত্ৰী সকলৰ মনোবল সাহস প্ৰেৰণা আৰু উৎসাহ বৃদ্ধি কৰিবলৈ পৃথকৈ উক্ত পৰীক্ষা দুটাত ভাল ফলাফল পোৱাত যাতে সহায় হয় সেইকাৰণে আজি এই বিশেষ কাৰ্যসূচী হাতত লোৱা হয় তথা ছাত্ৰ-ছাত্ৰী সকলৰ পৰীক্ষাত ব্যৱহৃত হোৱা যাবতীয় সামগ্ৰী সমুহ দিয়াৰ ব্যৱস্থা কৰি দিয়া পৰিলক্ষিত হয়। ১৩/২/২৫ তাং বৃহস্পতিবাৰ পৰা হ’বলগীয়া HS পৰীক্ষা আৰু অহা ১৫/২/২০২৫/তাং শণিবাৰৰ পৰা হ’বলগীয়া HSLC পৰীক্ষাত অৱতীৰ্ণ হৈ ভাল ফলাফল দেখুৱাই ইয়াত উপস্হিত সকলো পৰীক্ষাৰ্থীয়ে এই অঞ্চলটি লৈ সু নাম কঢ়িয়াই অনাৰ বাবে ললে এক সুকীয়া অনুষ্ঠান। লগতে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি পৰীক্ষাৰ্থী সকলৰ অভিভাৱ তথা বয়োজেষ্ট সকলৰ চৰণ ধুৱাই,এখনি ফুলাম গামোচাৰে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ বিভাগীয় সকলো কৰ্মকৰ্তা তথা ছাত্ৰ ছাত্ৰী সকলে সন্মান জনোৱা হয়।

আজিৰ পৰা এক নতুন দিগন্তৰ সূচনা কৰাৰ লগতে উঠি অহা নৱ প্ৰজন্মৰ উত্তৰণৰ ক্ষেত্ৰত এক নতুন উদ্যমেৰে নতুন নিদৰ্শন আগবঢ়াইছে উক্ত পবিত্ৰ অনুষ্ঠানত ব্যক্তিগত মতামত আগবঢ়াই সমুহ উপস্থিত ৰাইজ।উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত উপস্থিত থকা সকলো অভিভাৱকে এনে অনুষ্ঠানত উপস্থিত থাকি চকুলো বৈ অহা পৰিলক্ষিত হয়। হয়তো ইয়াকে কোৱা হয় হৃদয় স্পৰ্শি অনুষ্ঠান।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments