Tuesday, July 29, 2025
spot_img
Homeজীৱনশৈলীবালীৰ ব্যৱসায়ীয়ে আক্ৰমণ কৰে মুৰফুলনী খণ্ড বন কাৰ্য্যলয়ৰ খণ্ড বন বিষয়া...

বালীৰ ব্যৱসায়ীয়ে আক্ৰমণ কৰে মুৰফুলনী খণ্ড বন কাৰ্য্যলয়ৰ খণ্ড বন বিষয়া বিপুল বৰগোহাঁই সহ এটা তহলদাৰী দলক

গোলাঘাট জিলাৰ মুৰফুলনী খণ্ড বন কাৰ্য্যলয়ৰ খণ্ড বন বিসয়া বিপুল বৰগোহাঁই সহ এটা তহলদাৰী দলক আক্ৰমণ কৰে এজন শিল বালীৰ ব্যৱসায়ীয়ে। অভিযোগ অনুসৰি জনৈক ৰহমান উপাধিৰ লোক জনে অবৈধ ভাৱে মাটি খান্দি সৰবৰাহ কৰি থকাৰ সময়তে আক্ৰমণৰ লক্ষ্য কৰি লয় তহলদাৰী বনকৰ্মীৰ দলটোক । মাটি খান্দি সৰবৰাহ কৰি থকাৰ খবৰ পায় বুজ লবলৈ গৈছিল বনকৰ্মীৰ দলটোৱে।ব্যৱসায়ী জনৰ আক্ৰমণত মুৰফুলনী খণ্ড বন বিষয়া বিপুল বৰগোহাঁই আৰু বনকৰ্মী ৰামজিত দাসনামৰ দুজন বনকৰ্মী আহত হয়। ঘটনা সন্দৰ্ভত বন বিভাগে বগীজান আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments