Homeজীৱনশৈলীগোলাঘাট মৰঙীৰ মিৰিপথাৰত হাতী-মানুহৰ সংঘাত ৰোধৰ লক্ষ্যৰে বিশেষ মত-বিনিময় সভা*

গোলাঘাট মৰঙীৰ মিৰিপথাৰত হাতী-মানুহৰ সংঘাত ৰোধৰ লক্ষ্যৰে বিশেষ মত-বিনিময় সভা*

নুমলীগড়ৰ মৰঙী অঞ্চলত ক্ৰমাৎ বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাতে উদ্বিগ্ন কৰি তুলিছে স্থানীয় ৰাইজক। বনৰীয়া হাতীৰ উপদ্ৰৱত কৃষকৰ খেতিপথাৰৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে জনসাধাৰণৰ জীৱন-জীৱিকাৰ প্ৰতিও সৃষ্টি হৈছে ভাবুকি। এনে পৰিস্থিতিত হাতী-মানুহৰ সংঘাত হ্ৰাস কৰি মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সহাৱস্থানৰ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে গোলাঘাট জিলাৰ মৰঙী মৌজাৰ মিৰিপথাৰ গাঁৱত অনুষ্ঠিত হয় এখন বিশেষ মত-বিনিময় সভা।

মৰঙী কৃষক সমিতিৰ উদ্যোগত অনুষ্ঠিত এই মত-বিনিময় সভাত অংশগ্ৰহণ কৰে নুমলীগড় শোধনাগাৰৰ মুখ্য প্ৰবন্ধক মিন্টু সন্দিকৈ আৰু প্ৰদীপ হালৈ সভাত মৰঙী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ গণ্য-মান্য ব্যক্তি, সমাজকৰ্মী আৰু স্থানীয় ৰাইজেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। উপস্থিত থাকে অনিল শইকীয়া, দীপকৰঞ্জন শইকীয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

সভাত মিৰিপথাৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বনৰীয়া হাতীৰ বিচৰণ, ধাননি পথাৰত হাতীৰ প্ৰৱেশ, কৃষকৰ শস্যৰ ক্ষতিসাধন আৰু ইয়াৰ ফলত সৃষ্টি হোৱা আৰ্থিক সমস্যাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়।

মত-বিনিময়ৰ সময়ত স্থানীয় কৃষক আৰু ৰাইজে হাতী-মানুহৰ সংঘাতৰ ফলত দৈনন্দিন জীৱনত সন্মুখীন হোৱা বিভিন্ন সমস্যা, ক্ষয়-ক্ষতি আৰু নিৰাপত্তাজনিত উদ্বেগৰ কথা দাঙি ধৰে। বিশেষকৈ খেতিৰ শস্য নষ্ট হোৱাৰ ফলত কৃষকসকলে সন্মুখীন হোৱা আৰ্থিক লোকচানৰ বিষয়টো গুৰুত্বসহকাৰে উত্থাপন কৰে। নুমলীগড় শোধনাগাৰৰ মুখ্য প্ৰবন্ধক মিন্টু সন্দিকৈয়ে স্থানীয় ৰাইজৰ অভাৱ-অভিযোগ আৰু সমস্যাসমূহৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ মতামত আৰু পৰামৰ্শসমূহ শুনে।

আনহাতে, হাতীৰ প্ৰাকৃতিক বিচৰণক্ষেত্ৰ আৰু মানুহৰ বসতিস্থলৰ মাজত সৃষ্টি হোৱা সংঘাত কেনেদৰে হ্ৰাস কৰিব পাৰি, হাতীৰ আক্ৰমণ আৰু শস্যৰ ক্ষতিৰ পৰা ৰাইজক কেনেদৰে সুৰক্ষা দিব পাৰি, সেই সন্দৰ্ভতো বিভিন্ন পৰামৰ্শ আগবঢ়োৱা হয়। হাতী আৰু মানুহ উভয়ৰে সুৰক্ষা নিশ্চিত কৰি পাৰস্পৰিক সহাৱস্থানৰ বাবে সামূহিক প্ৰচেষ্টাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

উল্লেখ্য যে মৰঙী অঞ্চলত হাতী-মানুহৰ সংঘাত এক দীৰ্ঘদিনীয়া সমস্যা হিচাপে পৰিগণিত হৈছে। সেয়েহে এই সমস্যাৰ স্থায়ী সমাধানৰ পথ বিচাৰি স্থানীয় ৰাইজৰ সৈতে পোনপটীয়া মত-বিনিময় আৰু সমস্যাসমূহৰ বাস্তৱিক বুজ লোৱাৰ এই প্ৰয়াসে বিশেষ তাৎপৰ্য বহন কৰিছে।

সামগ্ৰিকভাৱে, কেৱল সংঘাত প্ৰতিৰোধেই নহয়, বৰঞ্চ মানুহ আৰু বন্যপ্ৰাণীৰ মাজত এক সুস্থ আৰু নিৰাপদ সহাৱস্থান গঢ়ি তোলাৰ দিশত স্থানীয় ৰাইজৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই মত-বিনিময় সভাই এক ইতিবাচক বাৰ্তা বহন কৰিছে।আনহাতে সভাত মৰঙিৰ বিভিন্ন চাহ বাগিচা অঞ্চলত পৰি থকা দ’ খাল আৰু পথাৰৰ বিষয়েও আলোচনা কৰা হয়।
ইয়াৰ উপৰি, পথাৰসমূহত নেফিয়াৰ দৰে ঘাঁহজাতীয় উদ্ভিদ ৰোপণ কৰি হাতীৰ চলাচল নিয়ন্ত্ৰণ তথা হাতী-মানুহৰ সংঘাত হ্ৰাস কৰিব পাৰি নেকি, সেই সন্দৰ্ভতো উপস্থিত লোকসকলৰ মাজত বিস্তৃত আলোচনা কৰা হয়। হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে এনে বিকল্প ব্যৱস্থা গ্ৰহণৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments